
নগাও, ১৯ এপ্ৰিল (হি.স.)। কামপুৰত দিনকদিনে বৃদ্ধি পাইছে গৰু চোৰৰ সন্ত্ৰাস ৷ ৪ টা চুৰি গৰু সহ এখন বলে'ৰ পিকআপ বাহন জব্দ ৷ নিশা কামপুৰ বৰক'লা লালুং গাঁৱৰ ধন্তি বৰদলৈ আৰু পাপু বৰদলৈৰ গোহালি উদং কৰি ৪ টা গৰু আনিছিল চোৰৰ দলটোৱে ৷ স্থানীয় লোকে খৱৰ পাই পাছে পাছে খেদি আহি কামপুৰ ভেৱেঙাআটিত জব্দ কৰে গৰু সহ বাহন খন ৷
বাহন এৰি পলায়ন কৰে চোৰৰ দলটোৱে ৷ কামপুৰ আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবে দীৰ্ঘদিন ধৰি কামপুৰৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আহিছে গৰু চুৰি ৷
জব্দ কৰা বাহন খনৰ নম্বৰ এএছ ০২চিচি ৬৭৭৭।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা