

মৰিগাঁও, ১৯ এপ্ৰিল (হি.স.)। আজিৰে পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪৩ সংখ্যক জাগীৰোড কণাবড়ী গোভা দেওঁৰজা ৰঙালী বিহু ৷ গোভা তিৱা বিহু উপলক্ষে পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সভাপতি অনন্ত কুমাৰ দাসে ৷
ইয়াৰ পিছতে শ্বহীদ লক্ষী ডেকাৰ সুযোগ্য নাতি গিৰীন্দ্ৰ ডেকাই স্মৃতি তৰ্পণ কৰে আৰু খেলধেমালি প্ৰতিযোগিতা উদ্বোধন কৰে সমাজসেৱক লক্ষী দাসে ৷ অন্তিম দিনা সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰিত শিল্পী প্ৰণামী কোঁৱৰ আৰু পঞ্চানন দত্তৰ গীতৰ শৰাইৰ লগতে আমন্ত্ৰিত বিহু দল আৰু জনগোষ্ঠীয় কৃষ্টি দলে নৃত্য প্ৰদৰ্শন কৰিব ৷ সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি কামনা কৰি উদযাপন সমিতিয়ে ৷
হিন্দুস্থান সমাচাৰ / Narayan Kar