

মৰিগাঁও, ১৯ এপ্ৰিল (হি.স.)। দেওবাৰৰ পৰা ৰজাদিনীয়া পৰম্পৰা অক্ষুন্ন ৰাখি মধ্য অসমৰ তিৱা জনগোষ্ঠীৰ লোকসকলে পালন কৰিছে গোভা বিহু। এই উপলক্ষে দেওবাৰে জাগীৰোডৰ গোভা মৌজাত মাংগলিক ৰীতি নীতিৰে আৰম্ভ কৰা হয় বিহুৰ কাৰ্যসূচী।
পুৱাই গৰু গা ধুৱাই ৰীতি অনুসৰি প্ৰতিকী ৰূপত কলগছ হনা পৰ্ব অনুষ্ঠিত কৰা হয়। এই পৰ্বত তিৱা জনগোষ্ঠীৰ লোকসকলে অংশগ্ৰহণ কৰি গোভা বিহু স্বকীয় পৰম্পৰা উদযাপন কৰা পৰিলক্ষিত হয়। এনেদৰে গোভা মৌজাৰ তিৱা জনগোষ্ঠীয় প্ৰতিঘৰ লোকেই এই পৰম্পৰা গোভা বিহুৰ দিনকেইটাত পালন কৰে। উল্লেখ্য যে সোমবাৰেও গোভা বিহুৰ বাবে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব।
হিন্দুস্থান সমাচাৰ / Narayan Kar