
নগাঁও, ১৯ এপ্ৰিল (হি.স.)। ৰূপহীহাটত অবাধ চলিছে চৰকাৰী মাটি খনন।ৰূপহীহাটৰ পূৱ শিঙিমাৰীত চৰকাৰী মাটিত ভূ মাফিয়াৰ সেন চকু।বন বিভাগক মেনেজ কৰি একাংশ ভূ মাফিয়াই চলাই গৈছে চৰকাৰী ভূমিখনন।ভূমি আইনক ভৰিৰে মোহাৰি অবাধে চলাইছে খননকাৰ্য্য।সকলো দেখিও নেদেখা কুলিৰ ভাও ধৰিছে বন বিভাগৰ লোক।
ছাইফুল ইছলাম,গুলজাৰ হুছেইন,আফাজ উদ্দিনে দিনে নিশাই চৰকাৰী ভূমিত চলাইছে খননকাৰ্য্য। নগাঁও জিলা বন সংমণ্ডল বিষয়াই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত লক্ষ্যনীয় হ'ব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ