
কিয়েভ, ১৯ এপ্ৰিল (হি.স.)। ইউক্ৰেইনৰ ৰাজধানী কিয়েভত স্বয়ংক্ৰিয় অস্ত্ৰৰে সজ্জিত এজন লোকে শনিবাৰে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে । ৰাস্তাত দেখা যিকোনো মানুহকে গুলীয়াই হত্যা কৰে। তাৰ পিছত বন্দুক এটা লৈ চুপাৰ মাৰ্কেট এখনত প্ৰৱেশ কৰি কেইবাজনো লোকক পণবন্দী কৰি লৈ যায়। প্ৰতিহত কৰাৰ সময়ত তেওঁ এজন ব্যক্তিক গুলীয়ায়। প্ৰায় এঘণ্টা ধৰি আৰক্ষীৰ চকুৰ টোপনি নোহোৱা কৰে লোকজনে। এই বন্দুকৰ যুঁজত কমেও ৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫ জন লোক আহত হয়। আৰক্ষীয়ে পণবন্দী সকলোকে উদ্ধাৰ কৰাৰ লগতে নৰহত্যাকাৰী জনক ধৰাশায়ী কৰে ।
ইউক্ৰেইনৰ এটৰ্নী জেনেৰেল ৰুছলান ক্ৰাভচেংকোৱে এই কথা নিশ্চিত কৰি কয় যে মস্কোত জন্মগ্ৰহণ কৰা লোকজনৰ বয়স ৫৮ বছৰ। আৰক্ষীয়ে ছুপাৰ মাৰ্কেটত তেওঁক গুলীয়াই সফলতাৰে সকলো পণবন্দীক মুকলি কৰি দিয়ে। ক্ৰাভচেংকোৱে কয় যে কৰ্তৃপক্ষই অপৰাধৰ পৰিস্থিতি আৰু ইয়াৰ আঁৰৰ উদ্দেশ্যৰ তদন্ত কৰি আছে। ইয়াক সন্ত্ৰাসবাদী কাণ্ড বুলিও গণ্য কৰি আছে। ক্ৰাভচেংকোৱে কয় যে লোকজনে কিয়েভৰ হ’ল’ছিভস্কি জিলাৰ এটা ৰাস্তাত গুলীচালনা কৰি চাৰিজন লোকৰ মৃত্যু হয়। ইয়াৰ পিছত তেওঁ এখন চুপাৰ মাৰ্কেটত প্ৰৱেশ কৰি কেইবাজনো পণবন্দী কৰি এজন ব্যক্তিক হত্যা কৰে। ক্ৰাভচেংকোৱে উল্লেখ কৰে যে বন্দুকধাৰীয়ে স্বয়ংক্ৰিয় অস্ত্ৰ ব্যৱহাৰ কৰিছিল।
কিয়েভৰ মেয়ৰ ভিটালি ক্লিচ্কোৰ মতে, আহত ১৫ জনৰ ভিতৰত ৯ জন লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। প্ৰাথমিক চিকিৎসাৰ অন্তত ছয়জনক ঘৰলৈ যাবলৈ দিয়া হয়। ইউক্ৰেইনৰ আভ্যন্তৰীণ পৰিক্ৰমা মন্ত্ৰী ইহ’ৰ ক্লিমেংকোৱে কয় যে পণবন্দীসকলক উদ্ধাৰৰ বাবে ৰাষ্ট্ৰীয় আৰক্ষীৰ ৰেপিড ৰেচপন্স ইউনিট ব্যৱহাৰ কৰিবলগীয়া হৈছিল। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে বৰ্তমান তদন্তকাৰীয়ে লোকজনৰ বিষয়ে যিমান পাৰি সিমান তথ্য সংগ্ৰহ কৰি আছে আৰু তেওঁ কিয় কাম কৰিছিল সেইটো নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিছে। জেলেনস্কিয়ে কয় যে বন্দুকধাৰীজন দীৰ্ঘদিন ধৰি ইউক্ৰেইনৰ ডনেটস্ক অঞ্চলত বাস কৰিছিল। আক্ৰমণৰ প্ৰায় একে সময়তে গুলীচালনা কৰা ব্যক্তিজনৰ তালিকাভুক্ত হোৱা এপাৰ্টমেণ্টটোত এটা গোটে জুই জ্বলাই দিয়ে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia