ছ’চিয়েল মিডিয়াত বিভ্ৰান্তিকৰ বিষয়বস্তুৰ ওপৰত কঠোৰ নিৰ্বাচন আয়োগ, ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ
নতুন দিল্লী, ১৯ এপ্ৰিল (হি.স.)। পাচ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু আঠটা সমষ্টিৰ উপ-নিৰ্বাচনৰ সময়ত ছ’চিয়েল মিডিয়াত বিভ্ৰান্তিকৰ বিষয়বস্তু বিয়পি পৰাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ নিৰ্বাচন আয়োগে। আয়োগে কয় যে সকলো অংশীদাৰে তথ্য প্ৰযুক
राष्ट्रीय मतदाता दिवस (चुनाव आयोग), फाइल फोटो


নতুন দিল্লী, ১৯ এপ্ৰিল (হি.স.)। পাচ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু আঠটা সমষ্টিৰ উপ-নিৰ্বাচনৰ সময়ত ছ’চিয়েল মিডিয়াত বিভ্ৰান্তিকৰ বিষয়বস্তু বিয়পি পৰাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ নিৰ্বাচন আয়োগে। আয়োগে কয় যে সকলো অংশীদাৰে তথ্য প্ৰযুক্তি আইন, ২০০০, আই টি নিয়ম, ২০২১, আৰু আৰ্হি আচৰণ বিধিৰ বিধান অনুসৰি ডিজিটেল প্লেটফৰ্মৰ দায়িত্বশীল আৰু নৈতিক ব্যৱহাৰ নিশ্চিত কৰিব লাগিব।

নিৰ্বাচন আয়োগৰ মতে, ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে যিকোনো বিভ্ৰান্তিকৰ, কৃত্ৰিমভাৱে সৃষ্টি কৰা বা হেতালি খেলা বিষয়বস্তুৰ ওপৰত তিনি ঘণ্টাৰ ভিতৰত ব্যৱস্থা ল’ব লাগিব। তদুপৰি, ৰাজনৈতিক দল, প্ৰাৰ্থী আৰু প্ৰচাৰ প্ৰতিনিধিয়ে নিশ্চিত কৰিব লাগিব যে যিকোনো কৃত্ৰিমভাৱে সৃষ্টি কৰা বা পৰিৱৰ্তিত বিষয়বস্তুক কৃত্ৰিমভাৱে সৃষ্টি কৰা বা ডিজিটেলভাৱে পৰিৱৰ্তিত বুলি স্পষ্টভাৱে চিহ্নিত কৰা হয় আৰু ইয়াৰ উৎস প্ৰকাশ কৰা হয়।

আয়োগে উল্লেখ কৰিছে যে অসম, কেৰালা, তামিলনাডু, পুডুচেৰী আৰু পশ্চিম বংগত চলি থকা বিধানসভা নিৰ্বাচনৰ সময়ত ছ’চিয়েল মিডিয়াৰ কন্টেন্ট নিৰীক্ষণ কৰা হৈছে। প্ৰাসংগিক কৰ্তৃপক্ষই আচৰণ বিধি উলংঘা কৰা, আইন-শৃংখলাক প্ৰভাৱিত কৰা, বা ভোটদান প্ৰক্ৰিয়াৰ বিষয়ে বিভ্ৰান্তিকৰ তথ্য বিয়পোৱা বিষয়বস্তুৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে।

নিৰ্বাচন আয়োগে কয় যে ১৫ মাৰ্চত নিৰ্বাচন ঘোষণা কৰাৰ পিছৰে পৰা ১১ হাজাৰৰো অধিক আপত্তিজনক ছ’চিয়েল মিডিয়া পোষ্ট আৰু ইউ আৰ এল চিনাক্ত কৰা হৈছে আৰু ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত আছে বিষয়বস্তু আঁতৰোৱা, এফআইআৰ দাখিল কৰা, স্পষ্টীকৰণ বিচৰা আৰু খণ্ডন।

তদুপৰি, আয়োগে জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ১২৬ নং ধাৰাত উল্লেখ কৰি কয় যে ভোটদান শেষ হোৱাৰ পূৰ্বে ৪৮ ঘণ্টীয়া মৌনতাৰ সময়ছোৱাত যিকোনো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ নিষিদ্ধ কৰা হ’ব, আৰু সকলো সংবাদ মাধ্যমে এই কথা কঠোৰভাৱে মানি চলিব লাগিব।

আয়োগে কয় যে নাগৰিক, ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে চি-ভিজিল প্লেটফৰ্মৰ জৰিয়তে আচৰণ বিধি উলংঘাৰ সন্দৰ্ভত অভিযোগ দাখিল কৰিব পাৰে। ১৫ মাৰ্চৰ পৰা ১৯ এপ্ৰিলৰ ভিতৰত এই মাধ্যমৰ জৰিয়তে ৩,২৩,০৯৯টা অভিযোগ পঞ্জীয়ন কৰা হৈছিল, ইয়াৰে ৯৬ শতাংশ অভিযোগ ১০০ মিনিটৰ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সমাধান কৰা হৈছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande