শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত গাড়ীৰ পৰা বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ, এজনক গ্ৰেপ্তাৰ
কোকৰাঝাৰ, ১৯ এপ্ৰিল (হি.স.)। শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত গাড়ীৰ পৰা বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ। এজনক গ্ৰেপ্তাৰ। মহকুমা আৰক্ষী বিষয়া মন্টুৰাম বৰা আৰু শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ সন্দিকৈয়ে যোৱা নিশা যৌথভাবে অভিযান চলাই ড্ৰাগছ সহ গাড়ী
শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত গাড়ীৰ পৰা বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ, এজনক গ্ৰেপ্তাৰ


কোকৰাঝাৰ, ১৯ এপ্ৰিল (হি.স.)। শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত গাড়ীৰ পৰা বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ। এজনক গ্ৰেপ্তাৰ। মহকুমা আৰক্ষী বিষয়া মন্টুৰাম বৰা আৰু শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ সন্দিকৈয়ে যোৱা নিশা যৌথভাবে অভিযান চলাই ড্ৰাগছ সহ গাড়ী খন জব্দ কৰিব সক্ষম হয়।

গুৱাহাটীৰ পৰা ৰাজস্থানলৈ গৈ থকা জি জে ০১ এইচ ডব্লিউ ৬১৬৯ নম্বৰৰ মাৰুতি গাড়ীৰ তেলৰ টেংকীৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমানৰ ড্ৰাগছ। আৰক্ষীয়ে গাড়ীৰ চালক সৰবৰাহকাৰী ৰাজস্থানৰ যোঢপুৰৰ বাসিন্দা কৃষ্ণৰাম প্ৰজাপতক গ্ৰেপ্তাৰ কৰিছে। জব্দকৃত ড্ৰাগছৰ বজাৰ মূল্য এক কোটি ২০ লাখ টকা হব বুলি অনুমান কৰা হৈছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande