ডিমৰীয়া সাংবাদিক সন্থাৰ জ্যেষ্ঠজনক প্ৰণাম কাৰ্যসূচী
গুৱাহাটী, ১৯ এপ্ৰিল (হি.স.)। ডিমৰীয়া সাংবাদিক সন্থাৰ জ্যেষ্ঠজনক প্ৰণাম কাৰ্যসূচী। বিহুৰ বতৰত শিপাৰ সন্ধানত ডিমৰীয়াৰ সংবাদসেৱীসকল, জাতীয় পৰম্পৰা অক্ষুন্ন ৰাখি জ্যেষ্ঠজনলৈ গুৱা-বটা আগবঢ়াই জনোৱা হ''ল সেৱা। ব''হাগৰ প্ৰথম দিনকেইটাতে ডিমৰীয়াৰ ২৬
ডিমৰীয়া সাংবাদিক সন্থাৰ জ্যেষ্ঠজনক প্ৰণাম কাৰ্যসূচী


ডিমৰীয়া সাংবাদিক সন্থাৰ জ্যেষ্ঠজনক প্ৰণাম কাৰ্যসূচী


গুৱাহাটী, ১৯ এপ্ৰিল (হি.স.)। ডিমৰীয়া সাংবাদিক সন্থাৰ জ্যেষ্ঠজনক প্ৰণাম কাৰ্যসূচী। বিহুৰ বতৰত শিপাৰ সন্ধানত ডিমৰীয়াৰ সংবাদসেৱীসকল,

জাতীয় পৰম্পৰা অক্ষুন্ন ৰাখি জ্যেষ্ঠজনলৈ গুৱা-বটা আগবঢ়াই জনোৱা হ'ল সেৱা।

ব'হাগৰ প্ৰথম দিনকেইটাতে ডিমৰীয়াৰ ২৬ গৰাকী জ্যেষ্ঠ ব্যক্তিৰ ঘৰ আৰু কাৰ্যালয়লৈ গৈ গামোচা পিন্ধাই বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে গুৱা-পাণৰ বঁটা আগবঢ়ায় সেৱা জনাই লোৱা হয় আশীৰ্বাদ।

ইয়াৰ ভিতৰত আছে লোক সংস্কৃতিৰ সাধক, ডিমৰীয়া-তেতেলীয়াৰ ৰজা, শিক্ষাবিদ, অৱসৰী শিক্ষক , আৰক্ষী বিষয়া,সমাজ সংগঠককে ধৰি অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তি। এই যাত্ৰাৰ মাজতে লগ পোৱা এটি মহাৰাষ্ট্ৰৰ পৰ্যটকৰ দলকো গামোচা আগবঢ়াই সন্মান জনোৱাত অসমৰ চহকী পৰম্পৰা দেখি অভিভূত হৈ পৰে দলটি।

কেৱল বাতৰি সংগ্ৰহৰ ব্যস্ততাৰ মাজতে আৱদ্ধ নাথাকি ডিমৰীয়াৰ সাংবাদিক সন্থাৰ সদস্য সকলে নিজৰ শিপাক সোঁৱৰি ৩ ব'হাগৰ পৰা লোৱা এই কাৰ্যসূচী চাৰি ব'হাগ শনিবাৰে সামৰণি পেলোৱা হয় ।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande