
ধুবুৰী, ১৯ এপ্ৰিল (হি.স.)। ভূত বাংলাত পৰিণত তামাৰহাটৰ আই বি বাংলা। দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত পৰি আছে বাংলাটো । গৃহবোৰ জহি খহি ভুত বাংলাত পৰিণত হৈছে তামাৰহাটস্থিত আই বি বাংলাটো। কোকৰাঝাৰ জিলাৰ অধীনত থকা সময়ত বাংলাটোৰ অৱস্থা সুচল আছিল। তামাৰহাট অঞ্চল ধুবুৰী জিলালৈ স্থানান্তৰ হোৱাৰ পিছৰ পৰাই দিনক দিনে অচল হৈ পৰিছে বাংলাটো।
কাৰণ বাংলাটোত থকা কৰ্মচাৰীক কোকৰাঝাৰ জিলাত লৈ যায়। আনফালে ধুবুৰী জিলাৰ পৰা বাংলাটোত কোনো এজন কৰ্মচাৰী নিয়োগ নকৰে। ধুবুৰী জিলা প্ৰশাসনে বাংলাটোৰ প্ৰতি গুৰুত্ব নিদিয়াত বাংলাটোৰ অৱস্থা দিনক দিনে জহি খহি জৰাজীৰ্ণ হৈ পৰিছে। তামাৰহাটৰ আই বি বাংলাখন মেৰামতি কৰি পুণৰ্জীৱিত কৰি তুলিবলৈ সংশ্লিষ্ট বিভাগক আক্ৰাছুৱে দাবী জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ