
কাৰ্বি আংলং, ১৯ এপ্ৰিল (হি.স.)। ৯ এপ্ৰিলৰ ভোট গ্ৰহণৰ দিনটোৰ পৰাই নিখোঁজ হৈ থকা কাৰ্বি আংলঙৰ ধনশিৰিৰ শিক্ষক কৰ্ণেলিয়াছ কিন্দোৰ মৃতদেহ শনিবাৰ আবেলি উদ্ধাৰ কৰা হই জিলাখনৰ ৰংমংৱে থানাৰ অন্তৰ্গত এক দুৰ্গম পাহাৰীয়া অঞ্চলত। শিক্ষক কিন্দোৱে নিয়োজিত হোৱা ভোট কেন্দ্ৰ ছাৰপ' কাথাৰ এল পি স্কুলৰ পৰা অতি কমেও ১০ কিলোমিটাৰ নিলগত মৃতদেহটো উদ্ধাৰ কৰা হয়।
বিবস্ত্ৰ অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো কালি নিশাই ডিফু মেডিকেল কলেজৰ মৰ্গলৈ আনি আজি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়। নিৰ্বাচনী দায়িত্বত নিয়োজিত হৈ থকা এগৰাকী শিক্ষকে কিদৰে ভোট কেন্দ্ৰৰ পৰা নিখোঁজ হৈ পৰিছিল, সেই সন্দৰ্ভত ৰহস্যৰ সৃষ্টি হৈছে। আদিবাসী ছাত্ৰ সংগঠন 'আছা'ই এই সমগ্ৰ ঘটনাৰ বাবে প্ৰশাসনৰ গাফিলতিক দোষাৰোপ কৰি ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে। লগতে শিক্ষক গৰাকীৰ এগৰাকী কন্যাক চৰকাৰী চাকৰি প্ৰদান কৰাৰ লগতে উচিত ক্ষতিপূৰণৰ দাবী কৰিছে সংগঠনটোৱে।
শিক্ষক কিন্দোৰ কন্যাই পিতৃৰ মৃত্যুৰ উচিত ন্যায় দাবী কৰিছে। তেওঁৰ অসুস্থ পিতৃক ভোট গ্ৰহণৰ দিনা চিকিৎসাৰ ব্যৱস্থা কৰা হ'লে এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত নহ'ল হেতেন বুলি মন্তব্য কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ