অহা ২১ এপ্ৰিলত দিল্লীৰ দিলছাদ গাৰ্ডেনত মঞ্চস্থ হ'ব সংঘ গংগাৰ তিনি ভগীৰথ নাট
নতুন দিল্লী, ১৯ এপ্ৰিল (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উপলক্ষে দিল্লীৰ দিলছাদ উদ্যানৰ অৰ্ৱাচিন আন্তৰ্জাতিক বিদ্যালয়ত অহা ২১ এপ্ৰিলত সন্ধিয়া ৬ বজাৰ পৰা সংঘ গংগাৰ তিনি ভগীৰথ শীৰ্ষক এক বিশেষ হিন্দী নাটক মঞ্চস্থ কৰা হ''ব । এই তথ্য নাট
(फाइल फाेटाे)


নতুন দিল্লী, ১৯ এপ্ৰিল (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উপলক্ষে দিল্লীৰ দিলছাদ গাৰ্ডেন (উদ্যান)ৰ অৰ্ৱাচিন আন্তৰ্জাতিক বিদ্যালয়ত অহা ২১ এপ্ৰিলত সন্ধিয়া ৬ বজাৰ পৰা সংঘ গংগাৰ তিনি ভগীৰথ শীৰ্ষক এক বিশেষ হিন্দী নাটক মঞ্চস্থ কৰা হ'ব । এই তথ্য নাটখনৰ পৰিচালক সঞ্জয় পেণ্ডছে প্ৰদান কৰিছে।

পেণ্ডছে হিন্দুস্থান সমাচাৰক জনোৱা মতে, সংঘৰ ১০০ বছৰীয়া জয়ন্তী উপলক্ষে সমগ্ৰ দেশতে এই নাটকখন মঞ্চস্থ কৰি থকা হৈছে। সংঘ গংগাৰ তিনি ভগীৰথ নাটকখন আৰ এছ এছৰ প্ৰথম তিনিজন সৰসংঘচালক ক্ৰমে—ড. কেশৱ বলিৰাম হেডগেৱাৰ, মাধৱ সদাশিৱ গোলৱালকাৰ (গুৰুজী) আৰু বালাছাহেব দেওৰছৰ জীৱন আৰু অৱদানৰ আধাৰত ৰচনা কৰা হৈছে। তেওঁ কয় যে নাটখনে সংঘৰ ১০০ বছৰীয়া যাত্ৰাক সজীৱভাৱে উপস্থাপন কৰাৰ প্ৰয়াস কৰিছে।

পেণ্ডছে উল্লেখ কৰে যে ইয়াৰ পূৰ্বে ১৫ আৰু ১৮ এপ্ৰিলত দিল্লীৰ বিভিন্ন স্থানত নাটকখন মঞ্চস্থ কৰা হৈছিল। তেওঁ লগতে কয় যে আজি সন্ধিয়া ৬ বজাত শ্যামা প্ৰসাদ মুখাৰ্জী মহাবিদ্যালয়ত নাটকখন মঞ্চস্থ কৰা হ’ব। ইয়াৰ পিছতে ২১ এপ্ৰিলৰ লগতে ২২, ২৪, ২৫, ২৬, ২৮ এপ্ৰিলত দিল্লীৰ বিভিন্ন স্থানত নাটকখন মঞ্চস্থ কৰাৰ পৰিকল্পনা কৰা হৈছে।

দিল্লীত নাটকখন কেতিয়া আৰু ক’ত মঞ্চস্থ হ’ব:

২১ এপ্ৰিল: সন্ধিয়া ৬ বজাত, অৰ্ৱাচিন আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়, দিলছাদ গাৰ্ডেন।

- ২২ এপ্ৰিল: বিয়লি ৪ বজাত, এল টি ডি অডিটৰিয়াম, মণ্ডি হাউচ।

- ২৪ এপ্ৰিল: সন্ধিয়া ৬ বজাত, দ্বাৰকা ছেক্টৰ ৩।

- ২৫ এপ্ৰিল : সন্ধিয়া ৬ বজাত, এআইচিটিই, নেলছন মেণ্ডেলা মাৰ্গ, বসন্ত কুঞ্জ।

- ২৬ এপ্ৰিলঃ পুৱা ৯ বজাত, সত্যৱতী মহাবিদ্যালয়, অশোক বিহাৰ।

- ২৬ এপ্ৰিল: বিয়লি ৫:৩০ বজাত, কমলা নেহৰু মহাবিদ্যালয়।

- ২৮ এপ্ৰিল : সন্ধিয়া ৬ বজাত শ্বহীদ সুখদেৱ মহাবিদ্যালয়, ছেক্টৰ ১১, ৰোহিনী।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande