ৰূপহীহাটৰ শোৱালনীত আৰক্ষী আৰু ভূ মাফিয়াৰ মাজত সংঘাট
নগাঁও, ১৯ এপ্ৰিল (হি.স.)। ৰূপহীহাটৰ শোৱালনীত আৰক্ষী আৰু ভূ মাফিয়াৰ মাজত সংঘাট। ভূ মাফিয়াৰ ৰূপত চৰকাৰী গাঁওবুঢ়া আৰু বিজেপিৰ পালি নেতা। ফুটাকলংত চৰকাৰী ভূমি দখল কৰি খননকাৰ্য চলাই থকা জব্দ কৰা ট্ৰেক্টৰ চৰকাৰী গাঁও প্ৰধান জুলফিকাৰ আলী আৰু বিজেপি পালি
ৰূপহীহাটৰ শোৱালনীত আৰক্ষী আৰু ভূ মাফিয়াৰ মাজত সংঘাট


নগাঁও, ১৯ এপ্ৰিল (হি.স.)। ৰূপহীহাটৰ শোৱালনীত আৰক্ষী আৰু ভূ মাফিয়াৰ মাজত সংঘাট। ভূ মাফিয়াৰ ৰূপত চৰকাৰী গাঁওবুঢ়া আৰু বিজেপিৰ পালি নেতা। ফুটাকলংত চৰকাৰী ভূমি দখল কৰি খননকাৰ্য চলাই থকা জব্দ কৰা ট্ৰেক্টৰ চৰকাৰী গাঁও প্ৰধান জুলফিকাৰ আলী আৰু বিজেপি পালি নেতা মফিদুল বাহিনীয়ে আৰক্ষীৰ পৰা কাঢ়ি নিয়াৰ চেষ্টা।

চৰকাৰী ভুমিত অবৈধ খনন বন্ধ কৰিবলৈ যোৱা আমবাগান আৰক্ষীক পথত আগভেটা দি আক্ৰমণৰ চেষ্টা চলোৱাৰ অভিযোগ ভু– মাফিয়াৰ বিৰুদ্ধে।অবৈধ ভূমিত খননকাৰ্যত নিয়োগ কৰা ট্ৰেক্টৰ আৰক্ষীয়ে জব্দ কৰি থানালৈ লৈ অনাৰ সময়ত আৰক্ষীক পথত আগভেটা দি বাধাপ্ৰদান কৰাৰ চেষ্টা কৰে।

চৰকাৰী ভূমি অবৈধ খনন আৰু আৰক্ষীক আক্ৰমণৰ চেষ্টা কৰা আৰু বেয়া ব্যৱহাৰ কৰা তিনিজনকৈ লোকক আটক কৰে যদিও আন কেইবাজনো লোকে পলায়ন কৰে। ঘটনাৰ সৈতে জড়িত থকা আটকাধীন লোক তিনিজন হল মিৰাজুল হক ,আমিনুল ইছলাম আৰু জাহাঙ্গীৰ আলীক।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande