চৰাইদেউত আঘাট প্ৰাপ্ত লতা মাকৰিৰ পোৱালী উদ্ধাৰ
চৰাইদেউ, ১৯ এপ্ৰিল (হি.স.)। চৰাইদেউ চলা গ্ৰাম্য বনাঞ্চলৰ কাষৰীয়া পানীবিলৰ ৰাইজে অৰণ্যৰ পৰা ওলাই অহা এটা আঘাট প্ৰাপ্ত লতা মাকৰিৰ পোৱালী উদ্ধাৰ কৰে আৰু বন বিভাগক গটাই দিয়ে। বনাঞ্চলৰ ডিএফঅ গৰাকী সংবাদ মাধ্য়মক অবগত কৰা অনুসৰি পোৱালীটো আঘাটপ্ৰাপ্ত হোৱা
চৰাইদেউত আঘাট প্ৰাপ্ত লতা মাকৰিৰ পোৱালী উদ্ধাৰ


চৰাইদেউ, ১৯ এপ্ৰিল (হি.স.)। চৰাইদেউ চলা গ্ৰাম্য বনাঞ্চলৰ কাষৰীয়া পানীবিলৰ ৰাইজে অৰণ্যৰ পৰা ওলাই অহা এটা আঘাট প্ৰাপ্ত লতা মাকৰিৰ পোৱালী উদ্ধাৰ কৰে আৰু বন বিভাগক গটাই দিয়ে। বনাঞ্চলৰ ডিএফঅ গৰাকী সংবাদ মাধ্য়মক অবগত কৰা অনুসৰি পোৱালীটো আঘাটপ্ৰাপ্ত হোৱাৰ কেইবাটাও কাৰণ থাকিব পাৰে। দুটা লতা মাকৰি বাঘৰ মাজত কাজিয়াৰ সুত্ৰপাত হোৱাৰ বাবে পোৱালীটো আঘাটপ্ৰাপ্ত হব পাৰে অথবা লতামাকৰিতকৈ শক্তিশালী আন কোনো জন্তৰ আক্ৰমণত পোৱালীটো আঘাটপ্ৰাপ্ত হব পাৰে বুলি উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande