চাপৰ শালকোছাত ঐতিহাসিক শ্ৰী শ্ৰী বুঢ়া বুঢ়ী মহোৎসৱ উদযাপন
ধুবুৰী, ১৯ এপ্ৰিল (হি.স.)। ধুবুৰী জিলাৰ চাপৰৰ শালকোচাৰ হাপাপাৰাস্থিত শ্ৰী শ্ৰী বুঢ়া-বুঢ়ী মহোৎসৱ উদযাপন হয়। আনুমানিক প্ৰায় দুই শ বছৰৰ আগৰে পৰা এই মহোৎসৱ উদযাপন হৈ আহিছে। প্ৰতিবছৰে ব''হাগ মাহৰ প্ৰথম সপ্তাহত তএই উৎসৱ পালন কৰা দেখা যায়। বিশেষকৈ লক
চাপৰ শালকোছাত ঐতিহাসিক শ্ৰী শ্ৰী বুঢ়া বুঢ়ী মহোৎসৱ উদযাপন


ধুবুৰী, ১৯ এপ্ৰিল (হি.স.)। ধুবুৰী জিলাৰ চাপৰৰ শালকোচাৰ হাপাপাৰাস্থিত শ্ৰী শ্ৰী বুঢ়া-বুঢ়ী মহোৎসৱ উদযাপন হয়। আনুমানিক প্ৰায় দুই শ বছৰৰ আগৰে পৰা এই মহোৎসৱ উদযাপন হৈ আহিছে। প্ৰতিবছৰে ব'হাগ মাহৰ প্ৰথম সপ্তাহত তএই উৎসৱ পালন কৰা দেখা যায়। বিশেষকৈ লক্ষ্যনীয় বিষয় হ'ল প্ৰকাণ্ড শিল এটাত খোদিত গাতত ১০৮ টা গাইৰ গাখীৰ অৰ্পন কৰি পূজা অৰ্চনা কৰা হয়। দূৰ দূৰণীৰ পৰা হাজাৰ হাজাৰ ভক্ত প্ৰাণ ৰাইজে উপস্থিত হৈ গাখীৰ অৰ্পন কৰি পূজা অৰ্চনা কৰা দেখা যায়।

প্ৰবাত আছে যে শালকোচা হাপাপৰা গাওঁৰ পূৱ সীমান্তত ত্ৰানকৰ্তা স্বৰূপে অৱস্থিত পাহাৰ এখনত উত্তৰ সীমাত থকা এটা প্ৰকাণ্ড শিলত কিছুমান খোদিত গাতত ভক্ত প্ৰাণ ৰাইজে গাখীৰ অৰ্পন কৰে। যুগ যুগ ধৰি চলি অহা এই পূজাৰ সময়ত বুঢ়া বুঢ়ীৰ থানাত এক অদ্ভুত নিদৰ্শন দেখিবলৈ পোৱা যায় বুলি জানিব পৰা যায়। ভক্ত প্ৰাণ ৰাইজে জানিব দিয়া মতে এটা শঙ্ক, এটা মাছ, এটা কলহ, এটা ঘোঁৰা, এটা হাতী, আৰু শিলাখণ্ডৰ ওপৰত পাশা খেলৰ চিন দেখা যায়। বুঢ়া-বুঢ়ীক সাধাৰণতে শিৱ পাৰ্বতী ৰূপে পূজা অৰ্চনা কৰা হয়। লোকবিশ্বাস অনুসৰি যিকোনো ব্যক্তিয়ে পৱিত্ৰ অন্তৰৰে দুধ, কল, মাহ- প্ৰসাদ, ধূপ চাকি জ্বলাই মানস কৰিলে পূৰ্ণ ফল পোৱা যায়। এই বিশ্বাস যোগ্য ঘটনা এতিয়াও ভক্তবৃন্দৰ মাজত বিৰাজমান।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande