
- অভিলেখ মূল্য আৰু ক্ৰয়ৰ ধৰণ সলনি হোৱাৰ মাজত শক্তিশালী চাহিদা
নতুন দিল্লী, ১৯ এপ্ৰিল (হি.স.)। পশ্চিম এছিয়াৰ সংকটৰ মাজত সোণ আৰু ৰূপৰ মূল্য অভূতপূৰ্ব বৃদ্ধি পোৱাৰ পাছতো দেওবাৰে কনফেডাৰেচন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্চ (কেট)-এ আজি দেওবাৰে কয় যে “কেতিয়াও হ্ৰাস নোপোৱা সমৃদ্ধিৰ” প্ৰতীক বুলি গণ্য কৰা অক্ষয় তৃতীয়াৰ দিনা সমগ্ৰ দেশতে প্ৰায় ২০ হাজাৰ কোটি টকাৰ বাণিজ্যৰ সম্ভাৱনা আছে। কেটে কয় যে কেৱল দিল্লীতে বাণিজ্য প্ৰায় ₹৬,০০০ কোটি হ’ব।
এক বিবৃতিযোগে চান্দনী চ’কৰ সংসদ সদস্য তথা কেটৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰবীণ খাণ্ডেলৱালে কয় যে পৰম্পৰাগতভাৱে অক্ষয় তৃতীয়া দেশৰ ভিতৰতে সোণ ক্ৰয়ৰ অন্যতম শুভ অনুষ্ঠান হৈ আহিছে। খাণ্ডেলৱালে কয় যে এই দিনটোত কৰা বিনিয়োগে স্থায়ী সমৃদ্ধি কঢ়িয়াই আনিব বুলি বিশ্বাস কৰা হয়। তেওঁ কয়, “যদিও সোণ ক্ৰয়ৰ এক প্ৰধান কেন্দ্ৰস্থল হৈয়েই আছে, দ্ৰুতগতিত বৃদ্ধি পোৱা মূল্যই ক্ৰয়ৰ ধৰণ স্পষ্টভাৱে সলনি কৰি আছে।”
কেটৰ সাধাৰণ সম্পাদকে জনোৱা মতে, এইবাৰ সোণৰ মূল্য বিগত বছৰ প্ৰতি ১০ গ্ৰামত প্ৰায় ১ লাখ টকাৰ পৰা প্ৰায় ১.৫৮ লাখ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৰূপৰ মূল্য ৮৫ হাজাৰ টকাৰ পৰা প্ৰতি কেজিত ২.৫৫ লাখ টকাৰ ঐতিহাসিক উচ্চতালৈ বৃদ্ধি পাইছে। তেওঁ কয় যে এই তীব্ৰ মূল্যবৃদ্ধিয়ে গ্ৰাহকৰ আচৰণত এক বৃহৎ পৰিৱৰ্তন আনিছে। কিন্তু অধিক মূল্যৰ মাজতো চাহিদা দুৰ্বল হোৱা নাই; বৰঞ্চ, ক্ৰয় এতিয়া অধিক চিন্তাশীল আৰু মূল্যভিত্তিক হৈ পৰিছে।
কেটৰ ৰাষ্ট্ৰীয় সভাপতি বি চি ভাৰতিয়াই কয় যে সমগ্ৰ দেশৰ জুৱেলাৰীসকলে পৰিৱৰ্তিত ধাৰাসমূহৰ লগত খাপ খুৱাবলৈ নিজৰ কৌশল সালসলনি কৰিছে। লঘু গহনা, দৈনন্দিন ডিজাইন, ৰূপ আৰু হীৰা সামগ্ৰীৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। একে সময়তে গঢ়নি ৰেহাই আৰু সৰু সোণৰ শৃংখলৰ দৰে আকৰ্ষণীয় অফাৰেৰে গ্ৰাহকক আকৰ্ষণ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। তেওঁ লগতে কয় যে মুঠ বাণিজ্যৰ মূল্য বৃদ্ধি পাইছে যদিও প্ৰকৃত পৰিমাণৰ হ্ৰাসে এক বেলেগ ছবি দাঙি ধৰিছে।
কেটৰ অন্তৰ্গত অল ইণ্ডিয়া জুৱেলাৰছ এণ্ড গোল্ডস্মিথছ ফেডাৰেচন (এআইজেজিএফ) ৰাষ্ট্ৰীয় সভাপতি পংকজ অৰোৰাই শ্বেয়াৰ কৰা তথ্য অনুসৰি, আনুমানিক ১৬,০০০ কোটি টকা সোণৰ ব্যৱসায়ৰ অৰ্থ হ’ল বৰ্তমানৰ মূল্যত প্ৰায় ১০,০০০ কিলোগ্ৰাম (১০ টন) সোণৰ বিক্ৰী। তেওঁ লগতে কয় যে যেতিয়া ইয়াক সমগ্ৰ দেশৰ আনুমানিক ২ৰ পৰা ৪ লাখ গহণা বিক্ৰেতাৰ মাজত ভাগ কৰা হয়, তেতিয়া প্ৰতিজন জুৱেলাৰীৰ গড় সোণৰ বিক্ৰী মাত্ৰ ২৫ৰ পৰা ৫০ গ্ৰামহে, যিয়ে মাত্ৰাৰ স্পষ্ট হ্ৰাসৰ ইংগিত দিয়ে।
পংকজ অৰোৰাই কয় যে ₹৪,০০০ কোটি ৰূপৰ ব্যৱসায়ৰ অৰ্থ হ’ল প্ৰায় ১৫৭ টন ৰূপ বিক্ৰী হয়, যাৰ ফলত প্ৰতিজন জুৱেলাৰীৰ গড়ে মাত্ৰ ৪০০ৰ পৰা ৮০০ গ্ৰাম ৰূপহে বিক্ৰী হয়।
অৰোৰাই কয়, এই পৰিসংখ্যাই স্পষ্টভাৱে দেখুৱাইছে যে মূল্যবৃদ্ধিৰ বাবে বাণিজ্যিক মূল্য বৃদ্ধি পাইছে যদিও প্ৰকৃত ব্যৱহাৰ হ্ৰাস পাইছে। এই কাৰণেই এই বছৰ বজাৰত লঘু গহণা আৰু সৰু মুদ্ৰাৰ চাহিদা অধিক দেখা গৈছে।
তেওঁ লগতে কয় যে মূল্যৰ উঠা-নমাৰ বাবে জুৱেলাৰীৰ বাবে ষ্টক মেনেজমেণ্ট এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। অৰোৰাই কয় যে ইয়াৰ পিছতো ইতিবাচক উৎসৱমুখৰ আৱেগৰ বাবে বজাৰসমূহত গ্ৰাহকৰ আগমণ দেখা গৈছে। পৰম্পৰাগত বিশ্বাসৰ লগতে অৰ্থনৈতিক বিচক্ষণতাক মনত ৰাখি গ্ৰাহকে এতিয়া সীমিত আৰু বিচক্ষণ বিনিয়োগ কৰিছে। ইয়াৰ উপৰিও ডিজিটেল সোণ, ছ’ভাৰেইন গোল্ড বণ্ড (এছজিবি), আৰু এক্সচেঞ্জ-ট্ৰেডেড ফাণ্ড (ইটিএফ)ৰ দৰে বিকল্প বিনিয়োগ বিকল্পৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে, যিয়ে অধিক লিকুইডিটি, নিৰাপত্তা আৰু নমনীয়তা প্ৰদান কৰে।
স্বচ্ছতা নিশ্চিত কৰাৰ লগতে গ্ৰাহকৰ আস্থা শক্তিশালী কৰাৰ বাবে বাধ্যতামূলক হ’লমাৰ্কিং (এইচইউআইডি) কঠোৰভাৱে মানি চলিবলৈ কেট আৰু এআইজেজিএফ-এ সকলো জুৱেলাৰীক আহ্বান জনাইছে। ক্ৰয়ৰ সময়ত বিশুদ্ধতা আৰু প্ৰামাণ্যতাৰ প্ৰতিও গ্ৰাহকক সজাগ হ’বলৈ পৰামৰ্শ দিয়া হৈছে।
লক্ষণীয় যে অক্ষয় তৃতীয়, যাক আখা তীজ বুলিও কোৱা হয়, ব’হাগ মাহৰ শুক্ল পক্ষৰ তৃতীয় দিনা পৰে। পৌৰাণিক গ্ৰন্থ অনুসৰি আজিৰ দিনটোত যিকোনো শুভ কামে চিৰন্তন ফল দিয়ে। এই কাৰণেই ইয়াক অক্ষয় তৃতীয়া বুলি কোৱা হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া