
কামৰূপ, ১৯ এপ্ৰিল (হি.স.)। ৰঙিয়াৰ তুলসীবাৰীত নিশা চোৰৰ চাফাই অভিযান। নিশাৰ অন্ধকাৰত স্থানীয় ব্যৱসায়ীক প্ৰতিষ্ঠানত চোৰে লুটিলে নগদ ধন সহ দোকানৰ সামগ্ৰী। তুলসীবাৰী বজাৰস্থিত জন্টু বণিক নামৰ ব্যৱসায়ী জনৰ প্ৰতিষ্ঠানত সংঘটিত হয় উক্ত চুৰিকাণ্ড ।
আজি পুৱাৰ ভাগত গৰাকীয়ে ব্যৱসায়িক প্ৰতিষ্ঠানত উপস্থিত হৈ সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰি হৈ চৈ লগায় । তুলসীবাৰী আৰক্ষী চকীৰ সমীপতে অৱস্থিত ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ পৰা চোৰে নগদ ধন সহ প্ৰায় আশী হাজাৰ মূল্যৰ সামগ্ৰী লুট কৰে। ইতিমধ্যে ঘটনা স্থলীত তুলসীবাৰী আৰক্ষী উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা