
চিৰাং, ১৯ এপ্ৰিল (হি.স.)। চিৰাং জিলাৰ ৰুণীখাতা বন সংমণ্ডল কাৰ্যালয়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ সন্দৰ্ভত বিপিএফ চৰকাৰক জগৰীয়া সঞ্জয় দাসৰ। হাগ্ৰামা মহিলাৰী চৰকাৰ চলোৱাত সম্পূৰ্ণ ব্যৰ্থ, তেখেতে চৰকাৰ চলোৱা দিনৰে পৰা বিটিচিত পুনৰ বাৰ এটাৰ পিছত আনটো হিংসাত্মক ঘটনা সংঘটিত হৈছে। ইউপিপিএল ৰ যুৱ নেতা সঞ্জয় দাসে আজি সম্বোধন কৰা সংবাদ মেলৰ জৰিয়তে এইদৰে উল্লেখ কৰে।
বিটিচিৰ মুৰব্বী, কাৰ্যবাহী সদস্য়, ডিপুটি চীফ, এতিয়া কাঠৰ পুতলাৰ দৰে, এতিয়া কাৰোৰে হাতত ক্ষমতা নাই, বিটিচিৰ সকলো বোৰ ক্ষমতা দিছপুৰক গটাই দিছে সংবাদমেলত সঞ্জয় দাসৰ অভিযোগ। চিৰাঙৰ ৰুণীখাতাৰ ঘটনাত কোন দ্বিতীয় পক্ষ আৰু তৃতীয় পক্ষ জড়িত হৈ আছে হাগ্ৰামাই পোনে পোনে দেখুৱাই দিব লাগে বুলি বিপিএফৰ নেতা গৰাকীৰ আহ্বান। সংবাদমেলত ইউপিপিএলৰ যুৱ নেতা গৰাকীয়ে অনাগত দিনত বিটিচিত এনেবোৰ ঘটনা নহোৱাৰ কামনা কৰাৰ লগতে বিটিচিৰ প্ৰধান হাগ্ৰামাই চৰকাৰ চলোৱাত সম্পূৰ্ণ ব্যৰ্থ বুলি সংবাদমেলত তীব্ৰ সমালোচনা কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ