
গুৱাহাটী, ১৯ এপ্ৰিল (হি.স.)। নাৰী শক্তিৰ উত্তৰণৰ বাবে ৬০ বছৰে শাসনত থকাৰ পিছতো কংগ্ৰেছ দলে একো নকৰিলে । এই অভিযোগ ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ । মহিলা সংৰক্ষণ বিধেয়ক গৃহীত নোহোৱাক লৈ আজি এক সংবাদমেলত কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি এই মন্তব্য কৰে বিজেপি সভাপতিগৰাকীয়ে ।
ৰাজ্যিক বিজেপিৰ মুখ্যালয় বাজপেয়ী ভৱনত সংবাদমেলখন সম্বোধন কৰি শইকীয়াই কয় যে ৬০ বছৰে কংগ্ৰেছে নাৰী শক্তিৰ উত্তৰণৰ বাবে একো নকৰিলে । অনুচ্ছেদ ৩৭০ ৰ পৰা তিনি তালাকলৈকে সকলোতে কংগ্ৰেছে কেৱল বিৰোধিতায়ে কৰিলে । ইফালে ২০২৯ ৰ লোকসভাত ৩৩ শতাংশ সংৰক্ষণেৰে আই মাতৃক সন্মান দিব বুলিও জনায় শইকীয়াই। আনহাতে শইকীয়াই কয় যে দেশৰ বিকাশ আৰু নাৰী শক্তিৰ শত্ৰু কংগ্ৰেছ আৰু সহযোগী দলসমূহৰ বিৰুদ্ধে ২৩ এপ্ৰিলত গুৱাহাটীত এক বিশাল প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিব বিজেপি দলে ।
আনহাতে কংগ্ৰেছে ভুৱা আৰু অবাস্তৱ নেৰেটিভ ৰাইজৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰাৰ অভিযোগ তুলি শইকীয়াই কয় যে কংগ্ৰেছৰ ইতিহাস নাৰীক অপমানৰ ইতিহাস । কংগ্ৰেছে অ বি চি ৰ বাবে ঘঁৰিয়ালৰ চকুপানী টুকিলে । দ্ৰৌপদী মুৰ্মুৰ দৰে আদিবাসী মহিলাক আমি ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰিছো বুলিও শইকীয়াই সংবাদমেলত উল্লেখ কৰে।
আনহাতে উক্ত সংবাদমেলত উপস্থিত থাকি বিত্তমন্ত্ৰী অজন্তা নেওগে কয় যে মহিলা হিচাবে কালি অপমানবোধ কৰিলো, দ্ৰৌপদীৰ প্ৰতি কৰা অপমানে কৌৰৱৰ ধ্বংস মাতি আনিছিল । আমি মহিলাই এই অপমান কেতিয়াও নাপাহৰো । আমি মৰ্মাহত হৈছো কিন্তু ভাঙি পৰা নাই । সংবাদমেলখনত অগপ নেতা তথা সাংসদ ফণীভূষণ চৌধুৰী, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, গুৱাহাটীৰ প্ৰাক্তন সাংসদ কুইন ওজাকে ধৰি দলটোৰ বহু জ্যেষ্ঠ নেতা তথা মহিলা নেত্ৰী উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী