
শোণিতপুৰ, ১৯ এপ্ৰিল (হি.স.)। ভাৰতীয় সেনা বাহিনীৰ কেন্টিনৰ বাবে আৱন্টিত বৃহৎ পৰিমাণৰ চোৰাং সুৰা জব্দ মিছামাৰী আৰক্ষীৰ৷ মিছামাৰী সেনা আৰু গজৰাজ ক’ৰৰ চোৰাংচোৱা বিভাগৰ লগতে মিছামাৰী থানাই চলোৱা এক অভিযানত এই বৃহৎ পৰিমানৰ বিলাতী সুৰা জব্দ কৰে৷ ভাৰতীয় সেনাৰ কেন্টিন ষ্টোৰছ ডিপাৰ্টমেন্ট অৰ্থাৎ চিএছডি কেন্টিনৰ পৰা সেনাৰ বাবে সুলভ মুল্যত আৱন্টিত বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰে গজৰাজ ক’ৰৰ চোৰাংচোৱা আৰু সেনাই৷ ডেৰ শতাধিক সুৰাৰ কাৰ্টুন জব্দ কৰে সেনাই৷
চিএছডি কেন্টিনৰ ইনচাৰ্জ প্ৰৱীন কুমাৰে সেনা বাহিনীৰ কেএ ৫২ এ ২৫৬৯ নম্বৰৰ কন্টেইনাৰ বাহন খনত কেন্টিনৰ পৰা সুৰাখিনি তেজপুৰৰ কেন্টিনলৈ নিব বুলি কৈ মিছামাৰী সেনা চাউনীৰ পৰা নিবলৈ লওতেই হাতেলোটে ধৰে চোৰাংচোৱা আৰু সেনাৰ লগতে আৰক্ষীয়ে৷ প্ৰবীন কুমাৰৰ লগতে কেন্টিনৰ চকীদাৰ অভয় কুমাৰ সিং, শ্ৰমিক সুৰেন্দ্ৰ বাচফৰ, আঞ্চুমা বড়ো আৰু গাড়ীচালক ভাৰতীয় সেনা জোৱান আন্নাথুৰাই থানুস্কি শেথীক মিছামাৰী আৰক্ষী আৰু সেনাই জেৰা চলাই আছে৷ প্ৰায় ২৫ লাখ টকাৰো অধিক ভাৰতীয় সেনাৰ কেন্টিনৰ বাবে আৱন্টিত সুৰা দীৰ্ঘদিনৰ পৰা ক’লা বজাৰত বিক্ৰী কৰি আহিছিল এই চক্ৰটোৱে৷ এই ব্যৱসায়ৰ সৈতে ভাৰতীয় সেনাৰ মিছামাৰী ইউনিটৰ দুই এজন বিষয়াও জড়িত থকাৰ অভিযোগ৷ প্ৰৱীণ কুমাৰক জেৰাৰ অন্তত পোহৰলৈ আহিব কোন কোন সেনা বিষয়া জৰিত আছে এই বৃহৎ সুৰা কেলেংকাৰীত ৷ প্ৰতিমাহত দুবাৰ এইদৰে সুৰা লৈ যায় চক্ৰটোৱে ক’লা বজাৰত বিক্ৰীৰ বাবে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা