
ধুবুৰী, ১৯ এপ্ৰিল (হি.স.)। ধুবুৰী ফুলকাটাৰী হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ । কিছুদিন পূৰ্বে ফুলকাটাৰীত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড। নিজ খুড়াকৰ হাতত নিধন হৈছিল নিজ ভতিজাক হাছিনুৰ আলম । ঘটনা সন্দৰ্ভত বন্দিহানা আৰক্ষী চকীত পৰিয়ালৰ লোকে দাখিল কৰিছিল গোচৰ ।
গোচৰ দাখিল কৰাৰ পিছতেই বন্দিহানা আৰক্ষীৰ তৎপৰতাত কোকৰাঝাৰৰ জিলাৰ টিপকাই অঞ্চলত আত্মগোপন কৰি থকা অৱস্থাত অভিযুক্ত জহিৰুল ইছলামক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, পাৰিবাৰিক সংঘাতক কেন্দ্ৰ কৰি খুড়ায়েকে ভতিজাক হাছিনুৰ ইছলামক আঘাত কৰাত গুৰুতৰ ভাবে আহত হোৱাত কোচবিহাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতেই মৃত্যু হৈছিল যুৱক জনৰ ।
অধিক তথ্যৰ বাবে আৰক্ষীয়ে অভিযুক্ত জহিৰুল ইছলামক মাৰাথন জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা