
মুম্বাই, ১৮ এপ্ৰিল (হি.স.)। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ ৰাজ্যিক মন্ত্ৰী মুৰলীধৰ মোহলে শনিবাৰে কয় যে পুনে বিমানবন্দৰৰ ৰাণৱে মেৰামতিৰ কাম যুদ্ধৰ ভিত্তিত সম্পূৰ্ণ কৰা হৈছে। সুৰক্ষাক শীৰ্ষ অগ্ৰাধিকাৰ ৰাখি পুৱা ৭:৩০ বজাত বিমান উৰণ আৰু পুৱা ৮:০০ বজাত অৱতৰণ পুনৰ আৰম্ভ কৰা হৈছে।
মোহলে উল্লেখ কৰে যে বায়ুসেনাই এই কাণ্ডৰ পুংখানুপুংখ তদন্তৰ বাবে তদন্ত আদালতক নিৰ্দেশ দিছে। এতিয়া তদন্ত কৰা হ’ব যে হাৰ্ড লেণ্ডিং কাৰিকৰী দোষৰ বাবে হৈছিল নে আন কোনো কাৰণত হৈছিল। দিনৰ ভাগত পুনেৰ বিমান যাতায়ত ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব বুলি আশা কৰা হৈছে।
উল্লেখযোগ্য যে শুকুৰবাৰে নিশা ভাৰতীয় বায়ুসেনাৰ এখন যুদ্ধ বিমানে পুনে বিমানবন্দৰত কঠিন অৱতৰণ (হাৰ্ড লেণ্ডিং কৰোলা হৈছিল । ইয়াৰ ফলত যুঁজাৰু বিমান আৰু ৰাণৱে দুয়োটাই ক্ষতিগ্ৰস্ত হয় যদিও কোনো লোকৰ মৃত্যু হোৱা নাই। এই ঘটনাৰ বাবে পুনে বিমানবন্দৰৰ ৰাণৱে ৯ ঘণ্টা ধৰি বন্ধ হৈ পৰে। পুনেলৈ অহা-যোৱা কৰা ৩০খনতকৈও অধিক বিমান বাতিল বা ডাইভাৰ্ট হোৱাৰ ফলত যাত্ৰীসকলৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হয়।
এই কাণ্ডৰ পিছতে নিশা ১১ বজাৰ পৰা বিমানবন্দৰৰ সকলো কাম বন্ধ কৰি দিয়া হয়। পুনেলৈ নিৰ্ধাৰিত কমেও আঠখন বিমান চুৰট, গোৱা, নভি মুম্বাই, চেন্নাই, কইম্বাটুৰৰ দৰে চহৰলৈ ডাইভাৰ্ট কৰা হৈছিল। ইণ্ডিগ’ আৰু আকাছা এয়াৰৰ কেইবাখনো ৰাতিপুৱাৰ বিমানো বাতিল কৰা হয়, য’ত দিল্লী, বেংগালুৰু, চেন্নাই, বদোদৰালৈ যাত্ৰী কঢ়িয়াই অনা বিমানসমূহো বাতিল কৰা হয়। মাজনিশা বাতিলৰ ফলত যাত্ৰীসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হয়। বিমান সংস্থাসমূহে যাত্ৰীসকলক যাত্ৰা বাতিল কৰি ধন ঘূৰাই পোৱা বা ঠাইতে থকাৰ বিকল্প আগবঢ়াইছিল।
ঘটনাৰ পিছতে অসামৰিক বিমান পৰিবহণৰ ৰাজ্যিক মন্ত্ৰী তথা পুনেৰ সাংসদ মুৰলীধৰ মোহলে ততাতৈয়াকৈ বায়ুসেনা আৰু বিমানবন্দৰ প্ৰশাসনৰ সৈতে যোগাযোগ কৰে। তেওঁ ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিমানবন্দৰৰ পৰিস্থিতিৰ তথ্য শ্বেয়াৰ কৰে। ৰাণৱেত আবদ্ধ হৈ থকা যুঁজাৰু বিমানখন আঁতৰাবলৈ ক্ৰেন আৰু গধুৰ যন্ত্ৰপাতি নিয়োগ কৰা হয়। বায়ুসেনাৰ কাৰিকৰী দলটোৱে ৰাণৱে পুনৰ নিৰ্মাণৰ বাবে নিশাটোৰ ভিতৰতে কাম কৰিছিল। পুনে বিমানবন্দৰৰ ৯ ঘণ্টাৰ পিছত পুনৰ কাম আৰম্ভ কৰিবলৈ সক্ষম হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া