
কলকাতা, ১৮ এপ্ৰিল (হি.স.)। পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাৰ বহৰমপুৰ বিধানসভাৰ আসনত কংগ্ৰেছ প্ৰাৰ্থী অধীৰ ৰঞ্জন চৌধুৰীৰ সমৰ্থনত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহম্মদ আজহাৰুদ্দিনে শনিবাৰে প্ৰচাৰ চলায়। মহানগৰীৰ ৰোডশ্ব’ত অংশগ্ৰহণ কৰি ভোটাৰক কংগ্ৰেছ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়।
ৰোডশ্ব’ৰ পূৰ্বে আজহাৰুদ্দিনে অধীৰ ৰঞ্জন চৌধুৰীৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক অভিজ্ঞতা আৰু অঞ্চলটোৰ সৈতে গভীৰ সম্পৰ্কৰ উল্লেখ কৰি কয় যে তেওঁ বহৰমপুৰৰ উন্নয়ন আৰু জনকল্যাণৰ বাবে সমৰ্থনৰ যোগ্য।
প্ৰাক্তন ক্ৰিকেট অধিনায়কগৰাকীক কাষৰ পৰা চাবলৈ ৰাস্তাৰ দুয়োকাষে এক বৃহৎ জনসমাগম গোট খাইছিল। বেলকনি আৰু ছাদৰ পৰা বহুতে হাত জোকাৰি থকা দেখা গৈছিল। বহৰমপুৰ বিধানসভাৰ আসনৰ বাবে প্ৰথম পৰ্যায়ত ২৩ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ বাবে ২৩ আৰু ২৯ এপ্ৰিলত দুটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ৪ মে’ত ভোটগণনা হ’ব।
পশ্চিম বংগ বিধানসভাৰ নিৰ্বাচন ২০২৬ ত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বহৰমপুৰৰ পাঁচবাৰৰ সাংসদ অধিৰ ৰঞ্জন চৌধুৰীয়ে। প্ৰায় তিনি দশকৰ পাছত ৰাজ্যৰ নিৰ্বাচনী ৰাজনীতিলৈ ঘূৰি আহিছে তেওঁ।
২০২৪ চনৰ লোকসভা নিৰ্বাচনত একেখন বহৰমপুৰ আসনৰ পৰা অধীৰ ৰঞ্জন চৌধুৰীয়ে তৃণমূল কংগ্ৰেছৰ ইউছুফ পাথনৰ হাতত পৰাস্ত হৈছিল । ইয়াৰ পিছতে তেওঁ এতিয়া বিধানসভা নিৰ্বাচনত নিজৰ ৰাজনৈতিক ভৰিৰ স্থিতি মজবুত কৰিব বিচাৰিছে ।
ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, আজহাৰুদ্দিনৰ বহাৰমপুৰ ভ্ৰমণক কংগ্ৰেছে অধীৰ ৰঞ্জন চৌধুৰীৰ প্ৰচাৰ অভিযানক নতুন গতি প্ৰদানৰ কৌশল হিচাপে গণ্য কৰিছে ।
লোকসভা নিৰ্বাচনত পৰাজয়ৰ পিছতো অধীৰ ৰঞ্জন চৌধুৰী মুৰ্ছিদাবাদৰ ৰাজনীতিত এক প্ৰভাৱশালী ব্যক্তি হৈয়েই আছে। ১৯৯৯ চনৰ পৰা বহাৰমপুৰক সংসদত প্ৰতিনিধিত্ব কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী আৰু পশ্চিম বংগ কংগ্ৰেছৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া