
কলকাতা, ১৮ এপ্ৰিল (হি.স.)। তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা লোকসভাৰ সাংসদ অভিষেক বেনাৰ্জীয়ে শনিবাৰে দাবী কৰে যে বিৰোধী ভাৰতীয় মিত্ৰজোঁটে কেন্দ্ৰীয় চৰকাৰৰ সাংবিধানিক সংশোধনীৰ প্ৰচেষ্টাত বাধা দিবলৈ একত্ৰিত হৈছে। তেওঁ স্পষ্টভাৱে কয় যে মহিলা সংৰক্ষণ বিধেয়ক নহয়, সীমা নিৰ্ধাৰণ বিধেয়কখনক বাধা দিয়া হৈছে।
বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুৰ্ছিদাবাদত দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভাত ভাষণ দি অভিষেক বেনাৰ্জীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টিয়ে ইচ্ছা কৰিলেও সংবিধান সলনি কৰিব নোৱাৰিব। তেওঁ লগতে কয় যে বিৰোধী দলসমূহৰ ঐক্যতাই কেন্দ্ৰীয় চৰকাৰে নিজৰ প্ৰস্তাৱ গৃহীত কৰাত বাধা প্ৰদান কৰিছিল।
ইয়াৰ পূৰ্বে অভিষেক বেনাৰ্জীয়ে ফাৰক্কা আৰু সমশ্বেৰগঞ্জ বিধানসভা সমষ্টিত ৰোড শ্ব’ অনুষ্ঠিত কৰিছিল। আল-আমান শিক্ষা মিছনৰ খেলপথাৰৰ পৰা ফাৰাক্কাৰ জিগ্ৰি ম’ৰেলৈকে চলি থকা এই ৰোড শ্ব’ৰ বাবে বৃহৎ সংখ্যক সমৰ্থক গোট খাইছিল। কেৱল পথৰ দাঁতিতেই নহয় ঘৰৰ ছাদ আৰু বেলকনিতো দেখা গ’ল মানুহৰ ভিৰ।
ৰোড শ্ব’ৰ পিছত অনুষ্ঠিত এক ৰেলীত তেওঁ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী আৰু আম জনতা উন্নয়ন পাৰ্টিৰ প্ৰতিষ্ঠাপক হুমায়ুন কবীৰক লক্ষ্য কৰি লয়। পিছত তৃণমূল প্ৰাৰ্থী শাওনী সিং ৰায়ৰ সমৰ্থনত লালবাগ সিংহী হাইস্কুল খেলপথাৰত অনুষ্ঠিত এক সভাত তেওঁ বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলকে আক্ৰমণ কৰে।
অভিষেক বেনাৰ্জীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে বিভাজনমূলক ৰাজনীতি চলাইছে যদিও তৃণমূল কংগ্ৰেছ আৰু বিৰোধী দলসমূহে মিলি তাক বিফল কৰে। তেওঁ কয় যে সংবিধান সলনি কৰিবলৈ দিয়া হোৱা নাছিল আৰু এয়া ৰাইজৰ ক্ষমতা।
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰা বিষয় সন্দৰ্ভত তেওঁ ক্ষতিগ্ৰস্ত লোকসকলক আশ্বাস দিয়ে যে যিসকলৰ নাম আঁতৰোৱা হ’ব তেওঁলোকক শীঘ্ৰে পৰিচয় পত্ৰ প্ৰদান কৰা হ’ব।
গংগা খহনীয়া সমস্যা সন্দৰ্ভত অভিষেক বেনাৰ্জীয়ে কয় যে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় চৰকাৰক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবীত কেইবাখনো পত্ৰ লিখিছে যদিও এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। লগতে অঞ্চলটোৰ সমস্যা সন্দৰ্ভত কংগ্ৰেছক নিষ্ক্ৰিয় হৈ থকাৰ অভিযোগ উত্থাপন কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া