
কলকাতা, ১৮ এপ্ৰিল (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই ৰাজ্য চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীক সহায়ৰ বাবে সম্পদ ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰে। মমতা বেনাৰ্জীক ক্ষমতাৰ পৰা আঁতৰাই নিদিলে ভৱিষ্যতে বংগ হাতৰ পৰা পিছলি যাব পাৰে বুলিও মন্তব্য কৰে।
কলিম্পঙত নিৰ্বাচনী সভাত ভাষণ দি হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে অসম আৰু ত্ৰিপুৰাত তেওঁৰ দলৰ চৰকাৰে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ প্ৰৱেশ বন্ধ কৰি দিছে, আনহাতে পশ্চিম বংগত অবৈধ অনুপ্ৰৱেশ অব্যাহত আছে।
তেওঁ অভিযোগ কৰে যে মমতা বেনাৰ্জীয়ে ভোট বেংকৰ ৰাজনীতিৰ বাবে অনুপ্ৰৱেশকাৰীৰ বাবে ৰাজ্যৰ কোষাগাৰ মুকলি কৰিছে । শৰ্মাই কয় যে তেওঁৰ কাৰ্যকালত সমগ্ৰ বংগ ৰাজ্যই লোকচানৰ সন্মুখীন হৈছে আৰু উত্তৰ বংগৰ কোনো উন্নয়ন দেখা পোৱা নাই ।
তেওঁ কয় যে ৰাজ্যত ক্ষমতা সলনি কৰাটো প্ৰয়োজনীয় । শৰ্মাই দাবী কৰে যে যদি ভাৰতীয় জনতা পাৰ্টিয়ে পশ্চিম বংগত চৰকাৰ গঠন কৰে তেন্তে অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰা হ’ব ।
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সভাত গোৰ্খালেণ্ড সমস্যাৰ কথা উল্লেখ কৰি কয় যে যদি তেওঁৰ দলে ক্ষমতালৈ আহে তেন্তে সাংবিধানিক সমাধান বিচাৰি গোৰ্খা জনগোষ্ঠীক ন্যায় প্ৰদান কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া