
অভিনেতা বিজয় দেৱেৰাকোণ্ডাই পৰিচালক শৌৰ্য যুৱৰ সৈতে নিজৰ নতুন ছবিৰ কথা ঘোষণা কৰি দৰ্শকৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিছে। ঘোষণাৰ পোষ্টাৰত বিজয়ে সম্পূৰ্ণ বেলেগ অৱতাৰত লোহাৰ শিকলিৰে বান্ধি চাৰিটা কুকুৰ লৈ খোজ কাঢ়ি থকা দেখা গৈছে। পোষ্টাৰখনত স্পষ্ট কৰি দিয়া হৈছে যে এই ছবিখন কেৱল নতুন কাহিনী নহয়, বৰঞ্চ এক বৃহত্তৰ দৃষ্টিভংগী আৰু এক বিশ্বব্যাপী চিনেমাৰ অভিজ্ঞতা।
ছবিখনৰ সমান্তৰালকৈ That's a Roar শীৰ্ষক এটা থিম গীতো মুক্তি পাইছে। প্ৰতিকূলতাৰ সন্মুখত সংগ্ৰাম, যন্ত্ৰণা আৰু অটল দৃঢ়তাৰ মনোভাৱক গীতটোত চিত্ৰিত কৰা হৈছে। গীতৰ কথাবোৰে এই বাৰ্তা প্ৰদান কৰে যে প্ৰকৃত শক্তি খ্যাতিত নহয়, প্ৰতিটো পতনৰ পিছত পুনৰ উত্থানত নিহিত হৈ আছে। নিৰ্মাতাসকলৰ মতে এইটো কেৱল ছবিখনৰ এটা গীত নহয়, বৰঞ্চ ইয়াৰ আৱেগিক মূল প্ৰতিফলিত কৰা এক প্ৰতীক।
খবৰ অনুসৰি ছবিখনৰ পৰিৱেশ এটা সমান্তৰাল পৌৰাণিক জগতত, সম্পূৰ্ণ কাল্পনিক আৰু প্ৰাচীন অনুভৱৰ সৈতে। হাই নান্না ছবিৰে দৰ্শকক মোহিত কৰা পৰিচালক শৌৰ্য্য যুৱৰাজে জীৱনতকৈও ডাঙৰ কাহিনী লৈ ঘূৰি আহিছে। এই প্ৰকল্পটোক তেওঁৰ পূৰ্বৰ কামৰ পৰা যথেষ্ট পৃথক বুলি গণ্য কৰা হয়, ইয়াত আৱেগিক গভীৰতাৰ সৈতে দৰ্শনীয় দৃশ্যৰ সংমিশ্ৰণ ঘটিছে।
চিনেমাটোগ্ৰাফাৰ আলেজান্দ্ৰ’ মাৰ্টিনেজ, সংগীত সুৰকাৰ হেছাম আব্দুল ৱাহাব, অভিজ্ঞ ভিএফএক্স বিশেষজ্ঞকে ধৰি হলিউড আৰু ভাৰতীয় চিনেমাৰ কেইবাজনো বিশিষ্ট নাম অন্তৰ্ভুক্ত কৰা এই ছবিখনৰ আন্তঃৰাষ্ট্ৰীয় কাৰিকৰী দল। এই ছবিখন ভাৰতীয় চিনেমাৰ বাবে এক নতুন গোলকীয় পৰিচয় প্ৰতিষ্ঠা কৰাৰ দিশত এক সাহসী পদক্ষেপ হ’ব পাৰে বুলি নিৰ্মাতাসকলে দাবী কৰে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী