বেদান্ত বিদ্যুৎ কেন্দ্ৰৰ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি।
- বেদান্ত গোটৰ অধ্যক্ষ আৰু উদ্যোগ মুৰব্বীকে ধৰি ১৯জন লোকৰ বিৰুদ্ধে এফআইআৰ দাখিল –মৃতকৰ ৫ জন শ্ৰমিক ছত্তীশগড়ৰ আৰু ১৮ জন অন্য ৰাজ্যৰ শক্তি, ১৮ এপ্ৰিল (হি.স.)। ছত্তীশগড়ৰ বেদান্ত বিদ্যুৎ কেন্দ্ৰত যোৱা ১৪ এপ্ৰিলত বয়লাৰ বিস্ফোৰণত মৃত্যু হোৱা লোকৰ স
प्लांट का फोटो


- বেদান্ত গোটৰ অধ্যক্ষ আৰু উদ্যোগ মুৰব্বীকে ধৰি ১৯জন লোকৰ বিৰুদ্ধে এফআইআৰ দাখিল

–মৃতকৰ ৫ জন শ্ৰমিক ছত্তীশগড়ৰ আৰু ১৮ জন অন্য ৰাজ্যৰ

শক্তি, ১৮ এপ্ৰিল (হি.স.)। ছত্তীশগড়ৰ বেদান্ত বিদ্যুৎ কেন্দ্ৰত যোৱা ১৪ এপ্ৰিলত বয়লাৰ বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা ২৩লৈ বৃদ্ধি পোৱাৰ বিপৰীতে ১২ জন আহত শ্ৰমিক বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। বিগত ১২ ঘণ্টাত মৃত্যুৰ সংখ্যা ২০ৰ পৰা ২৩লৈ বৃদ্ধি পাইছে। মৃত্যু হোৱা তিনি শ্ৰমিকৰ ভিতৰত আছে ৰায়গড় চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হোৱা পশ্চিম বংগৰ বাসিন্দা সুব্ৰতো জেনা আৰু উত্তৰ প্ৰদেশৰ বাসিন্দা কিছমত আলী আৰু ৰায়পুৰৰ কলদা হাস্পতালত ভৰ্তি হোৱা আন এজন শ্ৰমিক। এই ভয়াবহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ৫ শ্ৰমিক ছত্তীশগড়ৰ, বাকী ১৮ জন অন্য ৰাজ্যৰ।

বেদান্ত বিদ্যুৎ কেন্দ্ৰৰ দুৰ্ঘটনাটোত বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালা আৰু উদ্যোগ মুৰব্বী দেৱেন্দ্ৰ পেটেলকে ধৰি ১৯জন লোকৰ বিৰুদ্ধে আৰক্ষীয়ে এফআইআৰ দাখিল কৰিছে। এই আটাইকেইজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১০৬(১), ২৮৯, আৰু ৩(৫) ধাৰাত গোচৰ ৰুজু কৰা হৈছে। শক্তি জিলা আৰক্ষী অধীক্ষক প্ৰফুল্ল ঠাকুৰে উল্লেখ কৰে যে আৰক্ষী আৰু ফৰেনছিক বিশেষজ্ঞৰে গঠিত অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে। এই দলটোৱে কাৰিকৰী দিশৰ ওপৰত এক সম্যক তদন্ত চলাই আছে।

কাৰিকৰী তদন্তত কি পোহৰলৈ আহিল?

আৰক্ষী আৰু প্ৰশাসনৰ প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদন অনুসৰি বয়লাৰ চুলাত অত্যধিক ইন্ধন জমা হোৱাৰ ফলত অস্বাভাৱিকভাৱে উচ্চ চাপৰ সৃষ্টি হয়। এই চাপৰ ফলত বয়লাৰৰ তলৰ পাইপটো স্থানান্তৰিত হৈ বিস্ফোৰণ ঘটিছিল। ফৰেনছিক টিম (এফ এছ এল)য়েও নিজৰ প্ৰতিবেদনত অত্যধিক ইন্ধন জমা হোৱা আৰু চাপক দুৰ্ঘটনাৰ মূল কাৰণ বুলি উল্লেখ কৰিছে।

গুৰুতৰ গাফিলতিৰ অভিযোগঃ

প্ৰাথমিক তদন্তত এই কথাও প্ৰকাশ পাইছে যে উদ্যোগটোত যন্ত্ৰপাতিৰ ৰক্ষণাবেক্ষণ আৰু পৰিচালনাৰ মানদণ্ড সঠিকভাৱে পালন কৰা হোৱা নাছিল। সুৰক্ষা ব্যৱস্থাৰ অভাৱ আৰু তত্বাৱধানত গাফিলতিৰ ফলত এই বৃহৎ দুৰ্ঘটনা সংঘটিত হয়, যাৰ ফলত ২৩ জন শ্ৰমিকৰ মৃত্যু হয়। আহত ১২ জন শ্ৰমিক এতিয়াও চিকিৎসাধীন হৈ আছে।

এই ঘটনাৰ দণ্ডাধীশৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী বিষ্ণুদেৱ ছাইয়ে। তদন্তত দোষী সাব্যস্ত হোৱাসকলে শ্ৰম আইনৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণৰ সন্মুখীন হ’ব লাগিব। মুখ্যমন্ত্রী ছাইয়ে মৃতকৰ পৰিয়ালক ৫ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে ৷ প্রধানমন্ত্রীৰ কার্যালয়েও ক্ষতিপূৰণৰ কথা ঘোষণা কৰিছে ৷ মৃতকৰ পৰিয়ালক ২ লাখ টকাকৈ আৰু আহতক ৫০ হাজাৰ টকাকৈ দিয়া হ’ব। এই ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকসকলৰ পৰিয়ালক বেদান্ত বিদ্যুৎ কেন্দ্ৰৰ পৰিচালনা সমিতিয়ে ৩৫ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ লগতে চাকৰি দিয়াৰ কথা ঘোষণা কৰিছে। আনহাতে ₹১৫ লাখ টকাকৈ আহতক দিয়া হ'ব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande