তামুলপুৰত কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱৰ ব্যাপক প্ৰস্তুতি
তামুলপুৰ, ১৮ এপ্ৰিল (হি.স.)। তামুলপুৰত কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱৰ ব্যাপক প্ৰস্তুতি । অসমৰ অন্যতম ভূমিপুত্ৰ জনজাতি শৰণীয়া-কছাৰী সকলৰ ধৰ্মীয় তথা জাতীয় পৰম্পৰাৰ প্ৰতীক কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱক কেন্দ্ৰ কৰি এতিয়া উৎসৱমুখৰ হৈ পৰিছে তামুলপুৰ। সদ
তামুলপুৰত কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱৰ ব্যাপক প্ৰস্তুতি


তামুলপুৰ, ১৮ এপ্ৰিল (হি.স.)। তামুলপুৰত কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱৰ ব্যাপক প্ৰস্তুতি । অসমৰ অন্যতম ভূমিপুত্ৰ জনজাতি শৰণীয়া-কছাৰী সকলৰ ধৰ্মীয় তথা জাতীয় পৰম্পৰাৰ প্ৰতীক কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱক কেন্দ্ৰ কৰি এতিয়া উৎসৱমুখৰ হৈ পৰিছে তামুলপুৰ। সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু তামুলপুৰীয়া ৰাইজৰ সহযোগত কাইলৈৰ পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে তামুলপুৰৰ বৰনগৰস্থিত ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই উৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।

এক শক্তিশালী অভ্যৰ্থনা সমিতিৰ তত্ত্বাৱধানত আয়োজিত এই উৎসৱত প্ৰায় ৫০ হাজাৰ লোকৰ সমাগম হোৱাৰ সম্ভাৱনা থকাৰ লগতে ২০ এপ্ৰিলৰ মুকলি সভাত মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মা সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা আছে। স্থানীয় ৰাইজ আৰু উদ্যোক্তা সকলে বাঁহ গোসাঁইক আদৰিবলৈ বৰ্তমান ব্যস্ত হৈ থকাৰ লগতে সমগ্ৰ অঞ্চলটোত এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande