হাইলাকান্দিত চাঞ্চল্যকৰ হত্যা কাণ্ড
হাইলাকান্দি, ১৮ এপ্ৰিল (হি.স.)। হাইলাকান্দিত চাঞ্চল্যকৰ হত্যা কাণ্ড।কন্যাক হত্যা কৰি মাটিৰ তলত পুতি থৈছে অসৎ মাতৃয়ে ।এই ঘটনা সংঘটিত হৈছে হাইলাকান্দি জিলাৰ বড় হাইলাকান্দি প্ৰথম খণ্ডত। জানিব পৰা মতে নিহত কন্যাগৰাকীৰ পিতৃয়ে দুটা বিয়া পাতিছে আৰু প্ৰথম
হাইলাকান্দিত চাঞ্চল্যকৰ হত্যা কাণ্ড


হাইলাকান্দি, ১৮ এপ্ৰিল (হি.স.)। হাইলাকান্দিত চাঞ্চল্যকৰ হত্যা কাণ্ড।কন্যাক হত্যা কৰি মাটিৰ তলত পুতি থৈছে অসৎ মাতৃয়ে ।এই ঘটনা সংঘটিত হৈছে হাইলাকান্দি জিলাৰ বড় হাইলাকান্দি প্ৰথম খণ্ডত। জানিব পৰা মতে নিহত কন্যাগৰাকীৰ পিতৃয়ে দুটা বিয়া পাতিছে আৰু প্ৰথম গৰাকী পত্নীৰ ঘৰৰ কন্যা হৈছে সুমনা বেগম বৰভুইয়া কিন্তু প্ৰথম গৰাকী পত্নীক এৰি দ্ধিতীয় বিবাহ কৰিছিল আৰু এই কন্যা গৰাকীক প্ৰথম পত্নীৰ পৰা আনি দ্ধিতীয় পত্নীৰ লগত এই কন্যা গৰাকী একেলগে আছিলে।

যোৱা দুই তিন আগতে টেমপুৰ কুছিলাৰ দ্ধিতীয় পত্নীৰ ঘৰত মৃত্যু হৈছে বুলি জানিব পৰা গৈছে কিন্তু নিজ গাঁওত এই নিহত কন্যা গৰাকীৰ শেষকৃত্য নকৰি আন এটা গাঁওত কন্যা গৰাকীৰ মৃতদেহ মাটিত পুতি ৰাখিছিল। স্থানীয় লোক আৰু প্ৰ্থ্ম পত্নীয়ে সন্দেহ কৰিয়াছে যে দ্ধিতীয় পত্নী আৰু তেওৰ শাহুৰি মিলি এই ১৬ বছৰীয়া সুমনা বেগম বৰভুইয়াক হত্যা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। পিছত প্ৰথম পত্নীয়ে বন্দুকমাৰা আৰক্ষী চকীত এক গোচৰ ৰুজু কৰিছিল আৰু এই গোচৰৰ ভিত্তিত বন্দুকমাৰা আৰক্ষীয়ে মৃতদেহ মাটিৰ তলৰ পৰা খান্দি উলিয়াই হাইলাকান্দি অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে হাইলাকান্দি আৰক্ষীয়ে।এই ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande