
গুৱাহাটী, ১৮ এপ্ৰিল (হি.স.)। সোণাপুৰৰ মে ফেয়াৰ স্প্ৰীং ভেলী ৰিজ'ৰ্টত এছ'চিয়েচন অব ৰব'টিক এণ্ড ইনোভেটিভ চাৰ্জনৰ অধিৱেশন। তৃতীয় বৰ্ষৰ বাবে আয়োজিত এই অধিৱেশনখন শুক্ৰবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটাকে ধৰি আন কেইবা গৰাকীও বিশিষ্ট ব্যক্তিয়ে।
এই চাৰিদিনীয়া অধিৱেশন খনত ৰবটিক, লেপাৰ'স্কপিক এণ্ড'স্কপিক অস্ত্ৰোপচাৰৰ অগ্ৰণী ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ সকলে অংশগ্ৰহণ কৰে।
উক্ত অধিৱেশনতে কোৰিয়া, মালয়েছিয়াকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ অস্ত্ৰোপচাৰ সংস্থাৰ মূৰব্বীৰ সৈতে এক বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়।
ইয়াৰ জৰিয়তে ৰব'টিক অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ প্ৰয়াস কৰা হৈছে বুলি মন্তব্য কৰে বিষয়ববীয়া সকলে।
১৬ এপ্ৰিলৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই সন্মিলনত ১৪ টা লাইভ চাৰ্জিকেল প্ৰক্ৰিয়াকে ধৰি এক বিস্তৃত বৈজ্ঞানিক কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা