বাজেট অধিবেশনৰ অন্ত: সংসদৰ দুয়োটা সদন অনিৰ্দিষ্ট কাললৈ স্থগিত
- ১৮ সংখ্যক লোকসভাৰ সপ্তম অধিৱেশনৰ সামৰণি, উৎপাদনশীলতা ৯৩ শতাংশ - ৰাজ্যসভাৰ ২৭০ সংখ্যক অধিৱেশনৰ সামৰণি, উৎপাদনশীলতা ১০৯.৮৭ শতাংশ নতুন দিল্লী, ১৮ এপ্ৰিল (হি.স.)। সংসদৰ বাজেট অধিৱেশনৰ শনিবাৰে সামৰণি পৰে আৰু দুয়োটা সদন অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা
संसद की इमारत की फाइल फोटो


- ১৮ সংখ্যক লোকসভাৰ সপ্তম অধিৱেশনৰ সামৰণি, উৎপাদনশীলতা ৯৩ শতাংশ

- ৰাজ্যসভাৰ ২৭০ সংখ্যক অধিৱেশনৰ সামৰণি, উৎপাদনশীলতা ১০৯.৮৭ শতাংশ

নতুন দিল্লী, ১৮ এপ্ৰিল (হি.স.)। সংসদৰ বাজেট অধিৱেশনৰ শনিবাৰে সামৰণি পৰে আৰু দুয়োটা সদন অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হয়। এই অধিবেশন ৰাজনৈতিকভাৱে উত্তপ্ত আছিল আৰু নিৰ্বাচনী সংস্কাৰৰ বিষয়ে আলোচনাৰ বাবে বিশেষ বৈঠকৰ বাবে নিৰ্ধাৰিত সময়তকৈ অতিৰিক্ত বৃদ্ধি কৰা হৈছিল।

অধিৱেশনৰ সময়ত চৰকাৰে উত্থাপন কৰা সংবিধান (১৩১ সংখ্যক সংশোধনী) বিধেয়ক, ২০২৬, যিয়ে মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰি সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া কাৰ্যকৰী কৰিব বিচাৰিছে, লোকসভাত প্ৰয়োজনীয় দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হয় । বিধেয়কখনৰ সপক্ষে ২৯৮টা আৰু বিপক্ষে ২৩০টা ভোট লাভ কৰাৰ বিপৰীতে গৃহীত কৰাৰ বাবে প্ৰয়োজনীয় ৩৫২টা ভোট লাভ কৰে ।

সামৰণি ভাষণত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সদনৰ উৎপাদনশীলতা প্ৰায় ৯৩ শতাংশ বুলি উল্লেখ কৰে। তেওঁ জনোৱা মতে, ২৮ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই অধিবেশনত ৩১খন বৈঠক অনুষ্ঠিত হৈছিল, যিটো ১৫১ ঘণ্টা ৪২ মিনিট ধৰি চলিছিল। অধিৱেশনৰ সময়ছোৱাত ২০২৬-২৭ চনৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰায় ১৩ ঘণ্টা ধৰি আলোচনা কৰা হয়, য’ত ৬৩ জন সদস্যই অংশগ্ৰহণ কৰে। অধ্যক্ষই লগতে কয় যে সংবিধান (১৩১ সংখ্যক সংশোধনী) বিধেয়ক, কেন্দ্ৰীয় শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক, আৰু সীমা নিৰ্ধাৰণ বিধেয়ক, ২০২৬ৰ ওপৰত ২১ ঘন্টা ২৭ মিনিট চৰ্চা কৰা হৈছিল, যদিও সংবিধান সংশোধনী বিধেয়কখন গৃহীত হোৱা নাছিল, এই চৰ্চাত ১৩১ জন সদস্যই অংশগ্ৰহণ কৰিছিল।

অধিৱেশনৰ সময়ছোৱাত ১২খন চৰকাৰী বিধেয়ক উত্থাপন কৰা হয়, ইয়াৰে ৯খন গৃহীত হয়। ইয়াৰ উপৰিও সদনত ৰাজহুৱা গুৰুত্বপূৰ্ণ ৩২৬টা বিষয় উত্থাপন কৰা হয়, আৰু ৩৭৭ নং নিয়মৰ অধীনত ৬৫০টা বিষয় উত্থাপন কৰা হয়। ওম বিৰলাই উল্লেখ কৰে যে অধিবেশনৰ সময়ত ১২৬টা তাৰকাযুক্ত প্ৰশ্নৰ মৌখিক উত্তৰ দিয়া হৈছিল। ইয়াৰ উপৰিও সংসদীয় সমিতিসমূহে ৭৩টা প্ৰতিবেদন দাখিল কৰে, আৰু মুঠ ২০৮৯খন নথি সদনৰ মজিয়াত ৰখা হয়।

তেওঁ লগতে উল্লেখ কৰে যে এই অধিৱেশনত ১৮টা ভাৰতীয় ভাষাত ১৮১টা বক্তব্য দিয়া হৈছিল, যিবোৰ সফলতাৰে অনুবাদ কৰা হৈছিল। অধিৱেশনৰ সময়ত বাওঁপন্থী উগ্ৰবাদ, পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বক্তব্য, দেশৰ বৈজ্ঞানিক সাফল্যৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহো সদনত উত্থাপন কৰা হয়।

ইফালে শনিবাৰে ৰাজ্যসভাৰ ২৭০ সংখ্যক অধিৱেশনৰ সামৰণি পৰে। সামৰণি অনুষ্ঠানত সভাপতি চি.পি. ৰাধাকৃষ্ণনে সদনৰ কাম-কাজ সফল বুলি অভিহিত কৰি সদস্যসকলৰ অৱদানৰ প্ৰশংসা কৰে। সংসদৰ তিনিটা অধিৱেশনৰ ভিতৰত বাজেট অধিবেশন আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি অধ্যক্ষগৰাকীয়ে কয়, কিয়নো ইয়াত লোৱা সিদ্ধান্তই দেশৰ উন্নয়নৰ দিশ নিৰ্ধাৰণ কৰে। তেওঁ উল্লেখ কৰিছে যে এই অধিবেশনত সদনৰ সামগ্ৰিক উৎপাদনশীলতা ১০৯.৮৭ শতাংশ আৰু সদনে ১৫৭ ঘণ্টা ৪০ মিনিট কাম কৰিছিল।

চাৰিদিনীয়া আৰু ৭৯ জন সদস্যই অংশগ্ৰহণ কৰা ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদৰ প্ৰস্তাৱৰ ওপৰত চৰ্চাৰে আৰম্ভ হৈছিল এই অধিৱেশনখন। এই চৰ্চাৰ উত্তৰ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেন্দ্ৰীয় বাজেট ২০২৬-২৭ সন্দৰ্ভতো চাৰিদিনত বিস্তৃতভাৱে আলোচনা কৰা হয়, য’ত ৯৭ জন সদস্যই অংশগ্ৰহণ কৰে। তদুপৰি দুটা মূল মন্ত্ৰালয়ৰ কাম-কাজৰ বিষয়েও বিতংভাৱে আলোচনা কৰা হয়।

ভাৰত-আমেৰিকাৰ দ্বিপাক্ষিক বাণিজ্য চুক্তি আৰু পশ্চিম এছিয়াৰ পৰিস্থিতিৰ সন্দৰ্ভতো মন্ত্ৰীসকলৰ স্বতঃ বক্তব্যও সদনত শুনা যায় । পশ্চিম এছিয়াত চলি থকা সংঘাত আৰু ভাৰতত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বক্তব্যও তাৎপৰ্যপূৰ্ণ আছিল। অধিৱেশনৰ সময়ত ৫০টা ব্যক্তিগত সদস্যৰ বিল উত্থাপন হোৱা বুলি অধ্যক্ষই জনায়। লগতে সদস্যসকলে ৯৪টাকৈ ১২টা আঞ্চলিক ভাষাত নিজৰ মতামত প্ৰকাশ কৰে।

অধিৱেশনৰ সময়ছোৱাত ৰাজ্যসভাত ১১৭টা প্ৰশ্ন উত্থাপন কৰা হয়, ৪৪৬টা শূন্য ঘণ্টাৰ উল্লেখ কৰা হয়, আৰু ২০৭টা বিশেষ উল্লেখ কৰা হয়। তৃতীয়বাৰৰ বাবে ৰাজ্যসভাৰ উপ সভাপতি হিচাপে পুনৰ নিৰ্বাচিত হয় হৰিবংশ আৰু সদনৰ সকলো পক্ষই তেওঁক অভিনন্দন জনায়। সদনৰ সুচাৰুৰূপে কাম-কাজত সহযোগিতা আগবঢ়োৱাৰ বাবে সভাপতিয়ে সকলো নেতা, সদস্য আৰু সচিবালয়ৰ বিষয়াক কৃতজ্ঞতা জ্ঞাপন কৰে। তাৰ পিছত বন্দে মাতৰমৰ গায়নৰ সৈতে সদন স্থগিত ৰখা হয় ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande