মহিলা সংৰক্ষণক সীমা নিৰ্ধাৰণৰ সৈতে সংযোগ কৰাৰ চৰকাৰৰ ষড়যন্ত্ৰ ব্যৰ্থ, বিৰোধী ঐক্যই গণতন্ত্ৰ ৰক্ষা কৰিলেঃ প্ৰিয়ংকা গান্ধী
নতুন দিল্লী, ১৮ এপ্ৰিল (হি.স.)। সংসদত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাত ব্যৰ্থ হোৱাৰ পাছত ৰাজনৈতিক বাক্যবাণ তীব্ৰতৰ হৈ পৰিছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে বিৰোধীয়ে গণতন্ত্ৰক
कांग्रेस मुख्यालय में पत्रकार वार्ता को संबोधित करतीं कांग्रेस महासचिव प्रियंका गांधी


নতুন দিল্লী, ১৮ এপ্ৰিল (হি.স.)। সংসদত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাত ব্যৰ্থ হোৱাৰ পাছত ৰাজনৈতিক বাক্যবাণ তীব্ৰতৰ হৈ পৰিছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে বিৰোধীয়ে গণতন্ত্ৰক ৰক্ষা কৰিছে আৰু সীমা নিৰ্ধাৰণৰ সৈতে জড়িত “ষড়যন্ত্ৰ” বিফল কৰিছে।

শনিবাৰে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত প্ৰিয়ংকা গান্ধীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে তিনি বছৰ ধৰি মহিলা সংৰক্ষণ আইনক লৈ কোনো সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা নাছিল আৰু শেহতীয়াকৈ খৰখেদাকৈ অধিসূচনা জাৰি কৰিছে। মহিলা সংৰক্ষণ বিধেয়কখন পূৰ্বৰ ৰূপত অনতিপলমে কাৰ্যকৰী কৰিবলৈ দাবী জনায়।

প্ৰিয়ংকাই কয় যে শুকুৰবাৰে গণতন্ত্ৰই এক বৃহৎ জয়লাভ কৰে। কেন্দ্ৰীয় চৰকাৰে গণতন্ত্ৰক দুৰ্বল কৰি ফেডাৰেল গাঁথনি সলনি কৰাৰ চেষ্টা কৰিছিল যদিও বিৰোধীয়ে ঐক্যবদ্ধভাৱে ইয়াক বিফল কৰিছিল। এয়া সংবিধান আৰু দেশৰ বাবে এক জয়।

প্ৰিয়ংকা গান্ধীয়ে অভিযোগ কৰে যে মহিলা সংৰক্ষণৰ নামত বিধেয়কখন গৃহীত কৰি চৰকাৰে সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত ইচ্ছাকৃতভাৱে কাম কৰিব বিচাৰিছে আৰু জাতিগত লোকপিয়লৰ পৰা আঁতৰি থাকিব বিচাৰিছে । তেওঁৰ মতে, যদিহে বিধেয়কখন গৃহীত হ’লহেঁতেন তেন্তে চৰকাৰে ইয়াক কৃতিত্ব বুলি প্ৰচাৰ কৰিলেহেঁতেন, আৰু নহ’লে বিৰোধীক নাৰী বিৰোধী বুলি লেবেল লগাই দিলেহেঁতেন ।

ভাৰতীয় জনতা পাৰ্টিক লক্ষ্য কৰি তেওঁ কয় যে উন্নাও, হাথৰাছ, মহিলা খেলুৱৈ, মণিপুৰৰ ঘটনাকে ধৰি মহিলাৰ সৈতে জড়িত বহু গুৰুতৰ গোচৰত চৰকাৰৰ মনোভাৱ উদাসীন হৈ আহিছে । এতিয়া সেই একেখন চৰকাৰে নিজকে নাৰী অনুকূল বুলি চিত্ৰিত কৰিবলৈ চেষ্টা কৰিছে ।

প্ৰিয়ংকা গান্ধীয়ে স্পষ্ট কৰি দিয়ে যে এয়া কেৱল মহিলা সংৰক্ষণৰ বিষয় নহয়, বৰঞ্চ সীমা নিৰ্ধাৰণ আৰু ৰাজনৈতিক ভাৰসাম্যৰ বিষয়। স্বচ্ছতা অবিহনে চৰকাৰে সিদ্ধান্ত ল’ব পৰা প্ৰস্তাৱ বিৰোধীয়ে সমৰ্থন কৰিব নোৱাৰে বুলিও প্ৰিয়ংকাই উল্লেখ কৰে ।

বিৰোধী দল একত্ৰিত হ’লে কেন্দ্ৰত থকা নৰেন্দ্ৰ মোডী চৰকাৰক প্ৰত্যাহ্বান যে জনাব পাৰি সেয়া দেশে দেখিলে বুলিও তেওঁ ব্যক্ত কৰে। এই কাৰণেই চৰকাৰে এই দিনটোক ক'লা দিৱস বুলি অভিহিত কৰিছে, আনহাতে বিৰোধীয়ে ইয়াক গণতন্ত্ৰৰ জয় বুলি গণ্য কৰিছে।

কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে সামৰণিত কয় যে চৰকাৰৰ জনসংযোগ আৰু সংবাদ মাধ্যমৰ হাইপ এতিয়া দেশৰ মহিলাসকল সচেতন আৰু বুজি পাইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande