
মাজুলী, ১৮ এপ্ৰিল (হি.স.)। আজি নাঙল বিহু৷ কৃষিজীৱী অসমীয়াই পালন কৰিছে নাঙল বিহু৷
মাজুলীত নাঙল বিহুৰ দিনা ই দেখা গৈছে চহা গাৱলীয়া জীৱনৰ এখন নিভাজ ছবি৷
উজনি মাজুলীৰ দলনিত বাজি উঠিছে মহৰ শিঙা পেপা৷ উজনি মাজুলীৰ দলনিত সদায়ে মহ ৰ জাক চৰোৱা দিনেশে নাঙল বিহু ৰ দিনা মহৰ পিঠিত উঠি বজালে মহৰ শিঙৰ পেপা৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু