
শোণিতপুৰ, ১৮ এপ্ৰিল (হি.স.)। চৌদিশে ৰঙালীৰ ৰং ৷আজি চাৰি বহাগ ,এই দিনটোতে পালন কৰা হয় নাঙল বিহু ৷ কৃষি প্ৰধান বৃহত্তৰ অসমীয়া জাতিটোৰ কৃষি সামগ্ৰী বোৰৰ নামত উৎসৰ্গিত নাঙল বিহু ৷
নাঙল বিহুৰ তাৎপৰ্য হ'ল ব'হাগ বিহুৰ ৰং-ৰহইচৰ অন্তত কৃষক সমাজ পথাতৰ নামি নাঙলৰ ওচৰত চাকি বন্তি জ্বলাই পালন কৰা হয় এই বিহুটি ৷ ৰাজ্যৰ বিভিন্ন স্হানৰ লগতে তেজপুৰতো পালন কৰাহল নাঙল বিহু ৷ কৃষি জীৱি ৰাইজে কৃষি কৰ্মক ব্যবহাৰ কৰা নাঙল ,যুৱলি ,,গামোছা আদি সামগ্ৰী সমুহৰ ওচৰত সেৱা কৰি প্ৰাথনা কৰা দেখা যায় ৷ নাঙল ,যুৱলি ,জাপি ,গামোছা আদি সামগ্ৰী সমুহৰ ওচৰত সেৱা কৰি প্ৰাথনা কৰা দেখা যায় ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু