
লখিমপুৰ, ১৮ এপ্ৰিল (হি.স.)। সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে অসমীয়াৰ হেপাঁহৰ ৰঙালী বিহু ৷ বহাগৰ সাত বিহুৰ ভিতৰত অন্যতম বিহু হৈছে নাঙল বিহু ৷ ৰঙালী বিহুৰ সৈতে সংগতি ৰাখি গৰু বিহু , মানুহৰ বিহু , গোঁসাই বিহু পালন কৰাৰ সমান্তৰালভাৱে আজি থলুৱা কৃষক সকলে পালন কৰিছে নাঙল বিহু ৷ নাঙলক লৈ সপোন ৰচা বিহপুৰীয়া সমীপৰ পুখুৰীপৰীয়াৰ এই সকল কৃষকে আজি পুৱাৰে পৰা নাঙল বিহু পালন কৰা দেখা গৈছে ৷
আধুনিকতাৰ ধামখেয়ালিত লুপ্তপ্ৰায় হব ধৰা কৃষি সজুলিৰ ভিতৰৰ মুল সজুলি নাঙলক আজি ধূপ বন্তি জ্বলাই বছৰটোৰ বাবে সুৰক্ষিত হৈ থকাৰ প্ৰাৰ্থনাৰেই কৃষক সকলে পালন কৰে এই নাঙল বিহু ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ