
নতুন দিল্লী, ১৮ এপ্ৰিল (হি.স.)। ঘৰুৱা শ্বেয়াৰ বজাৰত সক্ৰিয় বিনিয়োগকাৰীৰ বাবে ২০২৫-২৬ বৰ্ষটো আছিল হতাশাজনক। তিনি বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জত (এন এছ ই) বিনিয়োগকাৰীৰ সংখ্যা হ্ৰাস পাইছে। সাধাৰণতে বছৰি বিনিয়োগকাৰীৰ সংখ্যা বৃদ্ধি পালেও ২০২৫-২৬ চনৰ ভিতৰত এন এছ ই বিনিয়োগকাৰীৰ সংখ্যা ৬.৯১ শতাংশ অভিলেখ সৃষ্টি কৰিছে। সমগ্ৰ বছৰটোত এন এছ ইত সক্ৰিয় বিনিয়োগকাৰীৰ সংখ্যা ৪৫.৮ মিলিয়নলৈ হ্ৰাস পাইছে। বিগত বছৰ ২০২৪-২৫ চনত এন এছ ইত সক্ৰিয় বিনিয়োগকাৰীৰ সংখ্যা আছিল ৪ কোটি ৯২ লাখ। এইদৰে এটা বছৰতে এন এছ ইৰ প্ৰায় ৩৪ লাখ সক্ৰিয় বিনিয়োগকাৰীয়ে শ্বেয়াৰ বজাৰৰ পৰা আঁতৰি আহিল।
এন এছ ইয়ে প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰায় ২৬ লাখ বিনিয়োগকাৰী তিনিটা ডাঙৰ ব্ৰকিং হাউছৰ সৈতে জড়িত আছিল। ইয়াৰে সৰ্বাধিক সক্ৰিয় বিনিয়োগকাৰী ৯.৯৫ লাখ বজাৰৰ নেতা জেৰোধা ব্ৰকিঙৰ একাউণ্টৰ পৰা হ্ৰাস পাইছে। একেদৰে এঞ্জেল ৱানত ৮.১৫ লাখ সক্ৰিয় বিনিয়োগকাৰীয়ে শ্বেয়াৰ বজাৰৰ পৰা আঁতৰি আহিছিল। ২০২৫-২৬ চনৰ ভিতৰত আপষ্টক্সত ৭.৬০ লাখ সক্ৰিয় বিনিয়োগকাৰীয়ে শ্বেয়াৰ বজাৰৰ পৰা ওলাই আহিছিল। ইয়াৰ উপৰিও মোটিলাল ওছৱাল, শ্বেৰখান, এইচ ডি এফ চি ছিকিউৰিটিজ, আৰু কোটক ছিকিউৰিটিজৰ দৰে ডাঙৰ ডাঙৰ ব্ৰকিং হাউছেও লাখ লাখ সক্ৰিয় বিনিয়োগকাৰী হেৰুৱাইছিল।
বজাৰ বিশেষজ্ঞসকলে কয় যে ২০২৫-২৬ চনত শ্বেয়াৰ বজাৰত অহৰহ হেঁচা আছিল। ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ লগতে ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধই ভূ-ৰাজনৈতিক উত্তেজনা বৃদ্ধি কৰি থাকিল। ২০২৫-২৬ চনৰ শেষৰ ফালে ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলে আক্ৰমণ কৰাৰ পিছত এই ভূ-ৰাজনৈতিক উত্তেজনা আৰু অধিক তীব্ৰতৰ হৈ পৰে। এই উত্তেজনাৰ ফলত বিশ্ব অৰ্থনীতিৰ ওপৰত হেঁচা বৃদ্ধি পালে আৰু বিনিয়োগকাৰীৰ আস্থা দোদুল্যমান হ’বলৈ ধৰিলে। একেদৰে খাৰুৱা তেলৰ মূল্যৰ তীব্ৰ বৃদ্ধি আৰু তাৰ ফলত মুদ্ৰাস্ফীতি বৃদ্ধিয়েও অৰ্থনীতিৰ মন্দাৱস্থাৰ আশংকা সৃষ্টি কৰিছিল, যাৰ ফলত সক্ৰিয় বিনিয়োগকাৰীৰ এক বৃহৎ অংশই বজাৰৰ পৰা আঁতৰি আহিছিল।
খুৰানা ছিকিউৰিটিজ এণ্ড ফাইনেন্সিয়েল চাৰ্ভিচেছৰ চিইঅ’ ৰবি চন্দৰ খুৰাণাই কয় যে বিগত বিত্তীয় বৰ্ষৰ ভিতৰত বিদেশী বিনিয়োগকাৰীয়ে বিক্ৰী অব্যাহত ৰাখিছে। বিশেষকৈ বিদেশী দালাল সংস্থা মৰ্গান ষ্টেনলি আৰু গোল্ডমেন চেক্সে ভাৰতীয় শ্বেয়াৰ বজাৰখনক আণ্ডাৰৱেইট বা নিউট্ৰেললৈ হ্ৰাস কৰাটোৱে তেওঁলোকৰ বিক্ৰী আৰু অধিক তীব্ৰতৰ কৰি তুলিছিল। বিদেশী বিনিয়োগকাৰীৰ এই বিক্ৰীয়ে ঘৰুৱা শ্বেয়াৰ বজাৰত সক্ৰিয় বিনিয়োগকাৰীৰ আস্থাও ক্ষয় কৰি পেলালে।
একেদৰে বিগত বছৰৰ ভিতৰত কেইবাটাও নতুন আই পি অ’ৰ দুৰ্বল বা ৰেহাই মূল্যৰ তালিকাভুক্তিয়েও খুচুৰা বিনিয়োগকাৰীৰ আৱেগত নেতিবাচক প্ৰভাৱ পেলাইছে। বজাৰৰ এই আৱেগ অধিক বেয়া হোৱাৰ ফলত ঘৰুৱা শ্বেয়াৰ বজাৰৰ পৰা সক্ৰিয় নিবিদাকাৰীসকল ক্ৰমান্বয়ে আঁতৰি আহিল। ইয়াৰ বাবেই ২০২৫-২৬ চনৰ ভিতৰত এন এছ ইত সক্ৰিয় বিনিয়োগকাৰীৰ সংখ্যা প্ৰায় ৩৪ লাখ হ্ৰাস পাইছে।
हिन्दुस्थान समाचार / অৰৱিন্দ