নেপালত ৰাজহুৱা বাহনত চিচিটিভি কেমেৰা বাধ্যতামূলক, ২০ দিনৰ ভিতৰত কাৰ্যকৰী
কাঠমাণ্ডু, ১৮ এপ্ৰিল (হি.স.)। নেপাল চৰকাৰে সকলো ৰাজহুৱা যান-বাহনত চিচিটিভি কেমেৰা বাধ্যতামূলক কৰি ৰাজহুৱা পৰিবহণ সুৰক্ষিত কৰাৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। নেপালৰ গৃহ মন্ত্ৰ্যালয়ে সমগ্ৰ দেশৰ জিলা প্ৰশাসনসমূহক ২০ দিনৰ ভিতৰত এই কাম কঠোৰভাৱে কাৰ
सार्वजनिक यातायात मे सीसीटीवी


কাঠমাণ্ডু, ১৮ এপ্ৰিল (হি.স.)। নেপাল চৰকাৰে সকলো ৰাজহুৱা যান-বাহনত চিচিটিভি কেমেৰা বাধ্যতামূলক কৰি ৰাজহুৱা পৰিবহণ সুৰক্ষিত কৰাৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। নেপালৰ গৃহ মন্ত্ৰ্যালয়ে সমগ্ৰ দেশৰ জিলা প্ৰশাসনসমূহক ২০ দিনৰ ভিতৰত এই কাম কঠোৰভাৱে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে।

মন্ত্ৰালয়ৰ নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে দীঘলীয়া আৰু চুটি দূৰত্বৰ সকলো ৰাজহুৱা বাহনত চিচিটিভি কেমেৰা বাধ্যতামূলক হ’ব। ইয়াৰ ওপৰত যান-বাহন ব্যৱস্থাপনা কাৰ্যালয় আৰু জিলা যান-বাহন আৰক্ষী কাৰ্যালয়ে নিৰীক্ষণ কৰিব।

তদুপৰি কাঠমাণ্ডু, পোখাৰা, বীৰগঞ্জ, বিৰাটনগৰ আদি ডাঙৰ চহৰত চলাচল কৰা স্থানীয় বাছতো চিচিটিভি ব্যৱস্থা বাধ্যতামূলক কৰা হৈছে। এই পদক্ষেপৰ সফল ৰূপায়ণৰ বাবে সমগ্ৰ দেশৰ যান-বাহন সমিতিসমূহক সহযোগিতা আগবঢ়াবলৈ কোৱা হৈছে।

মন্ত্ৰালয়ে প্ৰকাশ কৰা বিবৃতিত স্পষ্ট কৰি দিছে যে সময়সীমাৰ পিছত নিয়মীয়া পৰিদৰ্শন আৰু নিৰীক্ষণ কৰা হ’ব। কোনো ৰাজহুৱা বাহন যদি চিচিটিভি কেমেৰা নথকা অৱস্থাত ধৰা পৰে তেন্তে সংশ্লিষ্ট বাহনৰ মালিক আৰু পৰিচালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

নেপাল চৰকাৰৰ এই সিদ্ধান্তক যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande