
ইম্ফল, ১৮ এপ্ৰিল (হি.স.)। মণিপুৰৰ উখৰুল জিলাৰ ২০২ নং ৰাষ্ট্ৰীয় ঘাইপথত অজ্ঞাত আক্ৰমণকাৰীয়ে দুজন লোকক গুলীয়াই হত্যা কৰে। নিহতসকলৰ ভিতৰত এজন প্ৰাক্তন সেনা জোৱান থকাৰ খবৰ পোৱা গৈছে। এই ঘটনাই অঞ্চলটোত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিছে।
আৰক্ষীয়ে জনোৱা মতে, উখৰুল জিলাৰ এটা স্পৰ্শকাতৰ অঞ্চলত এই ঘটনা সংঘটিত হয়। খাপ পিটি থকা আক্ৰমণকাৰীয়ে নিৰ্বিচাৰে গুলীচালনা কৰাত লোক দুজন থিতাতে নিহত হয়।
এই ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰিছে। শনিবাৰে বিষয়াসকলে কয় যে আক্ৰমণকাৰীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।
ঘটনাৰ পিছতে স্থানীয় প্ৰশাসনে অঞ্চলটোত নিৰাপত্তা কটকটীয়া কৰি তুলিছে। আৰক্ষীয়ে জনসাধাৰণক শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে আৰু বিষয়টোৰ ওপৰত গুৰুত্বসহকাৰে তদন্ত চলি থকা বুলি উল্লেখ কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া