লামডিঙত উদ্ধাৰ দুটা দুস্প্ৰাপ্য বন্যপ্ৰাণী
হোজাই, ১৮ এপ্ৰিল (হি.স.)। লামডিঙত যোৱা নিশা উদ্ধাৰ দুটা দুস্প্ৰাপ্য বন্যপ্ৰাণী ৷ লামডিং মুড়াবস্তিত উদ্ধাৰ পোৱালী সহ এটা দুস্প্ৰাপ্য বনৰৌ ৷ স্থানীয় ৰাইজে পোনতে প্ৰত্যক্ষ কৰে বনৰৌ দুটাক ৷ পথৰ কাষতে বিচৰণ কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰি খৱৰ দিয়ে বন ব
লামডিঙত উদ্ধাৰ দুটা দুস্প্ৰাপ্য বন্যপ্ৰাণী


হোজাই, ১৮ এপ্ৰিল (হি.স.)। লামডিঙত যোৱা নিশা উদ্ধাৰ দুটা দুস্প্ৰাপ্য বন্যপ্ৰাণী ৷ লামডিং মুড়াবস্তিত উদ্ধাৰ পোৱালী সহ এটা দুস্প্ৰাপ্য বনৰৌ ৷

স্থানীয় ৰাইজে পোনতে প্ৰত্যক্ষ কৰে বনৰৌ দুটাক ৷ পথৰ কাষতে বিচৰণ কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰি খৱৰ দিয়ে বন বিভাগক ৷ তাৎক্ষণিকভাৱে লামডিং বনবিভাগৰ লোক মুড়াবস্তিত উপস্থিত হৈ উদ্ধাৰ কৰে পোৱালী সহ বনৰৌটোক ৷

উদ্ধাৰ কৰি বনবিভাগৰ লোকে লৈ যায় বনৰৌ দুটাক আৰু আজি পুৱা হয়টো লামডিং বনাঞ্চলৰ উপযুক্ত স্থানত দুয়োকে মুকলি কৰি দিব ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande