চিবিএছচিৰ দশম শ্ৰেণীৰ ফলাফলত উজ্বলি উঠিল খেৰণিৰ কৃষকৰ সন্তান
কাৰ্বিআংলং, ১৮ এপ্ৰিল (হি.স.)। সদ্যঘোষিত চিবিএছচিৰ দশম শ্ৰেণীৰ ফলাফলত ৯৬.২০ শতাংশ নম্বৰ লাভেৰে গৌৰৱ কঢ়িয়াই আনিলে খেৰণি কছাৰী গাঁৱৰ চহা কৃষকৰ সন্তান ৰাজনাথ সিঙে। দৰিদ্ৰতাই যে সফলতাৰ হেঙাৰ হব নোৱাৰে সেই কথা প্ৰমাণ কৰি দেখুৱালে দৰিদ্ৰ কৃষকৰ পুত্ৰ তথা
চিবিএছচিৰ দশম শ্ৰেণীৰ ফলাফলত উজ্বলি উঠিল খেৰণিৰ কৃষকৰ সন্তান


কাৰ্বিআংলং, ১৮ এপ্ৰিল (হি.স.)। সদ্যঘোষিত চিবিএছচিৰ দশম শ্ৰেণীৰ ফলাফলত ৯৬.২০ শতাংশ নম্বৰ লাভেৰে গৌৰৱ কঢ়িয়াই আনিলে খেৰণি কছাৰী গাঁৱৰ চহা কৃষকৰ সন্তান ৰাজনাথ সিঙে। দৰিদ্ৰতাই যে সফলতাৰ হেঙাৰ হব নোৱাৰে সেই কথা প্ৰমাণ কৰি দেখুৱালে দৰিদ্ৰ কৃষকৰ পুত্ৰ তথা মেধাৱী ছাত্ৰ ৰাজনাথ সিঙে।

ইতিমধ্যে ছাত্ৰগৰাকীৰ এনে ফলাফলৰ পাছতে অঞ্চলটোৰ ৰাইজৰ লগতে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা কৃতি ছাত্ৰগৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে উজ্বল ভৱিষ্যত কামনা কৰা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ' নবোদয় বিদ্যালয়ত অধ্যয়ন কৰা ৰাজনাথ সিঙে সৰ্বাধিক অৰ্থাৎ ৯৬.২০ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনৰ লগতে জিলাখনৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। পৰিপ্ৰেক্ষিতত মেধা ছাত্র ৰাজনাথ সিঙৰ ফলাফলক লৈ উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে পিতৃ-মাতৃৰ লগতে অঞ্চলবাসীক।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande