
নলবাৰী, ১৮ এপ্ৰিল (হি.স.)। জাগাৰাৰ, নপ্তিপাৰাত বিনামূলীয়া হৃদৰোগৰ পৰীক্ষা শিৱিৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত নৱৰূপা সমাজ কল্যান সমিতি, জাগাৰা , নপ্তিপাৰাৰ সহযোগত নাৰায়না হস্পিতাল, গুৱাহাটীয়ে এক বিনামূলীয়া হৃদৰোগৰ পৰীক্ষা শিৱিৰৰ আয়োজন কৰে ।
জাগাৰাস্থিত দ্বাৰিকানাথ লক্ষ্মী প্ৰিয়া হাইস্কুল প্ৰাঙ্গনত আয়োজিত পৰীক্ষা শিৱিৰত জাগাৰা অঞ্চলৰ বিভিন্ন লোক আহি নিজৰ স্বাস্থ্য পৰীক্ষা কৰে ।ৰাতিপুৱা ১০.৩০ বজাৰ পৰা দুপৰীয়া ১.৩০ বজালৈ প্ৰায় শতাধিক লোকে এই শিৱিৰত ভাগ লয় ।ব্লাড প্ৰেচাৰ টেষ্ট, আৰ.বি.এছ টেষ্ট, ই.চি.জি আদিৰ উপৰিও বিভিন্ন ধৰনৰ পৰীক্ষাসমূহ সম্পন্ন কৰা হয় ।প্ৰায় ২০ বয়সৰ লৰা-ছোৱালীৰ পৰা ৮৫ বয়সৰ বৃদ্ধলৈকে অংশ লয় এই বিনামূলীয়া পৰীক্ষা শিৱিৰত ।নাৰায়ন হস্পিতালৰ এই পদক্ষেপক অতি প্ৰশংসাৰে শলাগ জনায় অঞ্চলটোৰ জনসাধাৰনৰ লগতে বিশিষ্ট ব্যক্তিসকলে ।তাৰোপৰি ,ভৱিষ্যতে আৰু ইয়াতকৈ অধিক সহায়- সহযোগিতা কৰাৰ বাবে নৱৰূপা সমাজ কল্যান সমিতিয়ে নাৰায়না হস্পিতাল কৰ্তৃপক্ষক অনুৰোধ জনায় ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু