
ওডালগুৰি, ১৮ এপ্ৰিল (হি.স.)। এগৰাকী অসহায় মাতৃৰ বাসগৃহত উপস্থিত এগৰাকী হৃদয়বান যুৱক। নাম অন্নাই নাৰ্জাৰী। হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ পিতৃহাৰা নবেল বসুমতাৰীক সহায়ৰ হাত আগবঢ়ালে অন্নাই নাৰ্জাৰীয়ে। কৌপাটি খজুৱাবিলৰ প্ৰয়াত দূৰ্গা বসুমতাৰী আৰু আশা বসুমতাৰীৰ জ্যেষ্ঠ পুত্ৰ নোবেল বসুমতাৰীয়ে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এটা বিষয়ত লেটাৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হয়।
পুত্ৰক পঢ়ুৱাবলৈ সামান্যতম সামৰ্থ কণো নাই দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটোৰ তেনে সময়তে দেৱদূত ৰূপে পৰিয়ালটোৰ ওচৰত ঠিয় দিয়া অন্নাই নাৰ্জাৰীক প্ৰশংসা কৰিলে বিভিন্ন জনে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু