দুলীয়াজানত সন্ধানহীন হৈ থকা এগৰাকী যুৱকৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ
ডিব্ৰুগড়, ১৮ এপ্ৰিল (হি.স.)। দুলীয়াজানৰ টিংৰাই চাৰিআলিত চাঞ্চল্যৰ ঘটনা । সন্ধানহীন হৈ থকা এগৰাকী যুৱকৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ। ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ হোৱা মৃতদেহটো দুলীয়াজানৰ টিংৰাই চাৰিআলিৰ পানবাৰী অঞ্চলৰ ৰাসাল দাসৰ পুত্ৰ শুভম দাস বু
দুলীয়াজানত সন্ধানহীন হৈ থকা এগৰাকী যুৱকৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ


ডিব্ৰুগড়, ১৮ এপ্ৰিল (হি.স.)। দুলীয়াজানৰ টিংৰাই চাৰিআলিত চাঞ্চল্যৰ ঘটনা । সন্ধানহীন হৈ থকা এগৰাকী যুৱকৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ। ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ হোৱা মৃতদেহটো দুলীয়াজানৰ টিংৰাই চাৰিআলিৰ পানবাৰী অঞ্চলৰ ৰাসাল দাসৰ পুত্ৰ শুভম দাস বুলি চিনাক্ত কৰিবলৈ সক্ষম হয়। টিংৰাই চাৰিআলি পানবাৰীস্থিত বিদ্যাপীঠ বিদ্যালয়ৰ বাৰাণ্ডাত উদ্ধাৰ হৈছে মৃতদেহটো।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। শেহতীয়াকৈ আৰক্ষীয়ে উদ্ধাৰ হোৱা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। এইপৰ্যন্ত যুৱকজনৰ মৃত্যু কাৰণ জানিবপৰা হোৱা নাই। জানিবপৰা মতে যুৱকজনে শুকুৰবাৰে বিয়লি নিজ বাসগৃহৰ পৰা বজাৰলৈ অহাৰ পথৰ পৰাই সন্ধানহীন হৈ আছিল। এই ঘটনাক কেন্দ্ৰ কৰি বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয় পাঠদান আজি দিনটোত বন্ধ কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande