কামৰূপৰ বংশৰত মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি উদযাপন
কামৰূপ, ১৮ এপ্ৰিল (হি.স.)। কামৰূপৰ বংশৰত মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি উদ্যাপন। সদৌ বংশৰ দামোদৰ সংঘৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰ দেৱৰ তিৰোভাৱ তিথি। তিথিৰ লগত সংগতি ৰাখি সদৌ বংশৰ দা
কামৰূপৰ বংশৰত মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি উদযাপন


কামৰূপ, ১৮ এপ্ৰিল (হি.স.)। কামৰূপৰ বংশৰত মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি উদ্যাপন।

সদৌ বংশৰ দামোদৰ সংঘৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰ দেৱৰ তিৰোভাৱ তিথি।

তিথিৰ লগত সংগতি ৰাখি সদৌ বংশৰ দামোদৰ সংঘৰ ৩৩ সংখ্যক দ্বি-বাৰ্ষিক সভাখনো বংশৰ ৰাৱনবৈৰ শ্ৰীশ্ৰী দামোদৰ মন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত কৰা হয়।

পুৱা পতাকা উত্তোলন,বন্তি প্ৰজ্জ্বলন,আই সকলৰ নাম প্ৰসঙ্গ,ধৰ্মালোচনী সভাৰ জৰিয়তে মহাপুৰুষজনাৰ কৰ্মৰাজী আৰু ধৰ্মপ্ৰচাৰ সম্পৰ্কে আলোচনা কৰা হয়।

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কামৰূপ দামোদৰ সংঘৰ মুখ্য সচেতক প্ৰফুল্ল চন্দ্ৰ বৈশ্য, মাহেকীয়াসাংস্কৃতিক আলোচনী দাপোনৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থ প্ৰমুখ্যে বহু গণ্য মান্য ব্যক্তি।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande