
চণ্ডীগড়, ১৮ এপ্ৰিল (হি.স.)। পঞ্জাৱ আৰক্ষীৰ কাউণ্টাৰ ইনটেলিজেন্স উইঙে সীমান্ত অতিক্ৰম কৰি চোৰাং সৰবৰাহৰ ৰেকেট আটক কৰি প্ৰায় ৪৫০ কোটি টকাৰ ৬৪.৬২ কিলোগ্ৰাম হেৰ’ইন জব্দ কৰাৰ লগতে দুজন চোৰাং সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। এই গেংটো পৰিচালনা কৰিছিল পাকিস্তানী চোৰাংচোৱা মুছাই, যিজনে কিছু বছৰ পূৰ্বে আত্তাৰী-ৱাগাহ সীমান্তত মালবাহী ৰে’লৰ পৰা শুল্ক বিভাগে ৫৩২ কিলোগ্ৰাম হেৰ’ইন জব্দ কৰাৰ সময়ত ভাৰতত চৰ্চা লাভ কৰিছিল।
পঞ্জাৱ আৰক্ষীৰ সঞ্চালক প্ৰধান গৌৰৱ যাদৱে শনিবাৰে কয় যে অমৃতসৰত থকা পঞ্জাৱ আৰক্ষীৰ কাউণ্টাৰ ইনটেলিজেন্স উইঙৰ ৰাজ্যিক বিশেষ অভিযান কোষে এই অভিযান চলাইছিল। তেওঁ কয় যে আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে এই হেৰ’ইনখিনি পাকিস্তানৰ পৰা আমদানি কৰা হৈছিল আৰু ইয়াক পৰৱৰ্তী স্থলীলৈ যোগান ধৰা হৈছিল । নিষিদ্ধ সামগ্ৰী খিনি যোগান ধৰাৰ পূৰ্বে জব্দ কৰে আৰক্ষীয়ে। তদন্তত প্ৰকাশ পাইছে যে নেটৱৰ্কটোৰ বিদেশত ভিত্তি কৰি হেণ্ডলাৰ আৰু পাকিস্তানৰ মুছা গেঙৰ সৈতে সম্পৰ্ক আছে। এই চক্ৰটোৱে সীমান্তৰ সিপাৰে ড্ৰাগছ সৰবৰাহ কৰি পঞ্জাৱ আৰু অন্যান্য ৰাজ্যলৈ যোগান ধৰিছিল।
এই সন্দৰ্ভত আৱা গাঁৱৰ বাসিন্দা সৰৱান সিং গুৰজাৰ আৰু ইক্তিয়াৰনগৰ গাঁৱৰ বাসিন্দা ছামশ্বেৰ সিং নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। দুয়োকে মহল গাঁৱৰ সমীপত আটক কৰা হয় । অমৃতসৰৰ আৰক্ষী থানাৰ এছ এছ অ’ চিত এফ আই আৰ পঞ্জীয়ন কৰা হৈছে আৰু অধিক তদন্ত চলি আছে । আৰক্ষী সঞ্চালক প্ৰধানে উল্লেখ কৰে যে আৰক্ষীৰ উদ্দেশ্য হৈছে এই সমগ্ৰ নেটৱৰ্কৰ মূলত উপনীত হোৱা আৰু ইয়াৰ সকলো সহযোগীক গ্ৰেপ্তাৰ কৰা।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া