
নতুন দিল্লী, ১৮ এপ্ৰিল (হি.স.)। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কংগ্ৰেছকে ধৰি সকলো বিৰোধী দলকে মহিলাৰ অধিকাৰৰ বিৰোধিতা কৰাৰ অভিযোগ উত্থাপন কৰিছে।
মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই শনিবাৰে হিন্দী ভৱনত সৰ্বভাৰতীয় ব্যৱসায়ী সন্মিলন (চিএআইটি)ৰ দুদিনীয়া সন্মিলনত অংশগ্ৰহণ কৰে । বিৰোধীৰ নাৰী বিৰোধী ৰাজনীতিৰ বিৰুদ্ধে প্ৰতিবাদ পঞ্জীয়ন কৰিবলৈ তেওঁ ৪০০ৰো অধিক মহিলা উদ্যোগীৰ সৈতে ক’লা পটি বান্ধিছিল। এই উপলক্ষে ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ তথা চিএআইটিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰবীণ খাণ্ডেলৱাল উপস্থিত থাকে।
মুখ্যমন্ত্রী ৰেখা শৰ্মাই কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নাৰী শক্তি বন্দন আইন প্রৱর্তন কৰি দেশৰ কন্যাসকলক ৰাষ্ট্ৰ-নির্মাণত অংশগ্রহণ কৰিবলৈ সক্ষম কৰি তুলিছিল ৷ দুৰ্ভাগ্যজনকভাৱে একাংশ দলে এই ঐতিহাসিক অনুষ্ঠানটোক সংকীৰ্ণ ৰাজনৈতিক প্ৰভাৱেৰে চাই নাৰীৰ অধিকাৰৰ বিৰোধিতা কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল। সংসদত মহিলা সংৰক্ষণৰ বিৰোধিতা কৰা দলসমূহৰ যুক্তিৰ কোনো সুদৃঢ় ভেটি নাছিল, মাথোঁ স্পষ্টভাৱে নাৰী বিৰোধী মানসিকতা প্ৰদৰ্শন কৰিছিল। নিজৰ সমষ্টিত মহিলা সংৰক্ষণৰ বিৰোধিতা কৰা সেই নেতাসকলৰ পৰা আমাৰ ভগ্নী-কন্যাই উত্তৰ দাবী কৰিব।
মুখ্যমন্ত্রীয়ে কয় যে দেশ সলনি হৈছে, মহিলাসকলে ৰৈ নাথাকিব; তেওঁলোকে নিজৰ অধিকাৰ দাবী কৰিব।
সাংসদ প্ৰবীণ খাণ্ডেলৱালে এক্স-পোষ্টত উল্লেখ কৰিছে যে দুদিনীয়া চিএটি সন্মিলনত মুখ্যমন্ত্ৰীৰ সৈতে চাৰিশ মহিলা উদ্যোগীয়ে কংগ্ৰেছ দলৰ তীব্ৰ প্ৰতিবাদত ক’লা পটি পিন্ধি প্ৰতিবাদ কৰিছিল। লোকসভাত মহিলা সংৰক্ষণ বিধেয়কক বাধা দিয়া কংগ্ৰেছে পুনৰবাৰ নিজকে মহিলাৰ সৰ্ববৃহৎ শত্ৰু বুলি প্ৰমাণ কৰিলে। দেশৰ কন্যা আৰু মৌন হৈ নাথাকিব, কংগ্ৰেছৰ নাৰী বিৰোধী ষড়যন্ত্ৰ উদঙাই দিলে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া