
নতুন দিল্লী, ১৮ এপ্ৰিল (হি.স.)। কেন্দ্ৰীয় কেবিনেটে উত্তৰ প্ৰদেশ আৰু অন্ধ্ৰ প্ৰদেশৰ ১৫খন জিলা সামৰি দুটা মাল্টি ট্ৰেকিং ৰে'ল প্ৰকল্পত অনুমোদন জনাই বৰ্তমানৰ ভাৰতীয় ৰে’লৱে নেটৱৰ্কত প্ৰায় ৬০১ কিলোমিটাৰ দৈৰ্ঘ্য সংযোজন কৰিছে। তেওঁলোকৰ মুঠ আনুমানিক ব্যয় প্ৰায় ২৪,৮১৫ কোটি টকা।
শনিবাৰে এখন সংবাদমেলত কেবিনেটৰ সিদ্ধান্তসমূহ প্ৰকাশ কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেবিনেট কমিটীয়ে ৰে’ল মন্ত্ৰালয়ৰ বাবে দুটা গুৰুত্বপূৰ্ণ মাল্টি ট্ৰেকিং প্ৰকল্পত অনুমোদন জনাইছে। প্ৰায় ২৪,৮১৫ কোটি টকাৰ মুঠ ব্যয়ৰ এই প্ৰকল্পসমূহে উত্তৰ প্ৰদেশ আৰু অন্ধ্ৰপ্ৰদেশৰ ১৫খন জিলাত ৰে’ল নেটৱৰ্ক যথেষ্ট পৰিমাণে সম্প্ৰসাৰণ কৰিব। এই পদক্ষেপে প্ৰায় ৬০১ কিলোমিটাৰ পথ আৰু ১,৩১৭ কিলোমিটাৰ ট্ৰেকৰ দৈৰ্ঘ্য বৃদ্ধি কৰিব, যাৰ ফলত ৰে'ল পৰিচালনা দ্ৰুত, নিৰাপদ আৰু অধিক নিৰ্ভৰযোগ্য হ’ব।
বৈষ্ণৱে জনোৱা মতে, গাজিয়াবাদৰ পৰা উত্তৰ প্ৰদেশৰ সীতাপুৰলৈ তৃতীয় আৰু চতুৰ্থ লাইন (৪০৩ কিলোমিটাৰ) স্থাপন কৰা হ’ব, যাৰ আনুমানিক ব্যয় হ’ব ১৪,৯২৬ কোটি ₹। এই প্ৰকল্পটো দিল্লী-গুৱাহাটী উচ্চ ঘনত্ব নেটৱৰ্কৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু ইয়াৰ লগত নতুন ষ্টেচন নিৰ্মাণৰ কামো জড়িত হ’ব। বৰ্তমানৰ ৰে’ল নেটৱৰ্কে ১৬৮ শতাংশ যানজঁটত উপনীত হোৱা অঞ্চলৰ মাজেৰে এই লাইন পাৰ হ’ব আৰু ভৱিষ্যতে ২০০ শতাংশ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। এই প্ৰকল্পই মালবাহী ক্ষমতা যথেষ্ট বৃদ্ধি কৰিব, কয়লা, খাদ্য শস্য আৰু তীখাৰ দৰে মূল সামগ্ৰী পৰিবহণৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ দ্বাৰা প্ৰতি বছৰে হাজাৰ হাজাৰ কোটি টকাৰ লজিষ্টিক খৰচ ৰাহি হ’ব আৰু লাখ লাখ মানৱ দিনৰ কৰ্মসংস্থাপনৰ সৃষ্টি হ’ব।
অন্ধ্ৰপ্ৰদেশৰ ৰাজহমুন্দ্ৰী (নিদাদাভোলু) আৰু বিশাখাপট্টনম (দুব্বদা)ৰ মাজত ১৯৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ তৃতীয় আৰু চতুৰ্থ ৰেলপথ নিৰ্মাণৰ বাবে অনুমোদন দিয়া হৈছে, যাৰ আনুমানিক ব্যয় হ’ব ৯,৮৮৯ কোটি ₹। এই পথটো দেশৰ অন্যতম ব্যস্ত ৰেল কৰিডৰ, আৰু ইতিমধ্যে ক্ষমতাৰ ব্যৱহাৰ ১৩০ শতাংশ হৈছেগৈ। এই প্ৰকল্পৰ জৰিয়তে গোদাবৰী নদীৰ ওপৰত ৪.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন বৃহৎ ৰেল দলং, কেইবাখনো ডাঙৰ আৰু সৰু দলং, আণ্ডাৰপাছ, আৰু উচ্চ ট্ৰেক নিৰ্মাণ কৰা হ’ব। ইয়াৰ ফলত পূব উপকূলৰ প্ৰধান বন্দৰসমূহৰ সৈতে সংযোগ উন্নত হ’ব আৰু উদ্যোগিক কাৰ্যকলাপ বৃদ্ধি পাব। এই প্ৰকল্পটো হাওৰা-চেন্নাই হাই-ডেনচিটি কৰিডৰৰ এটা মূল উপাদান আৰু ই পূব উপকূলৰ প্ৰধান বন্দৰসমূহৰ সৈতে উন্নত সংযোগ প্ৰদান কৰিব।
চৰকাৰৰ মতে, এই দুটা প্ৰকল্পই মিলি প্ৰতি বছৰে কোটি কোটি কিলোগ্ৰাম কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমন হ্ৰাস কৰিব, যাৰ ফলত পৰিৱেশ সুৰক্ষাত অৰিহণা যোগাব। পথৰ পৰা ৰে’ললৈ মালবাহী পৰিবহণ স্থানান্তৰ কৰিলে লজিষ্টিক খৰচ হ্ৰাস পাব আৰু দেশৰ শক্তিৰ দক্ষতা বৃদ্ধি পাব। তদুপৰি এই প্ৰকল্পসমূহে ধৰ্মীয় আৰু পৰ্যটনস্থলীত প্ৰৱেশৰ সুবিধা প্ৰদান কৰিব, স্থানীয় অৰ্থনীতি বৃদ্ধি কৰিব।
চৰকাৰে স্পষ্ট কৰি দিয়ে যে এই প্ৰকল্পসমূহ প্ৰধানমন্ত্ৰী-গতিশক্তি ৰাষ্ট্ৰীয় গুৰু আঁচনিৰ অধীনত গঢ়ি তোলা হ’ব, যাৰ লক্ষ্য হৈছে বহুমুখী সংযোগ শক্তিশালী কৰা। কেন্দ্ৰীয় চৰকাৰৰ মতে এনে বৃহৎ পৰিসৰৰ আন্তঃগাঁথনি বিনিয়োগে কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰিব আৰু দেশখনক স্বাৱলম্বী কৰাৰ দিশত যথেষ্ট অগ্ৰগতি লাভ কৰিব।
চৰকাৰে কয় যে এই প্ৰকল্পসমূহে যাত্ৰী আৰু মালবাহী ৰে’লৰ যাতায়ত ত্বৰান্বিত কৰিব, লজিষ্টিক খৰচ হ্ৰাস কৰিব আৰু ঔদ্যোগিক অঞ্চলসমূহলৈ উন্নত ৰে’ল সংযোগ প্ৰদান কৰিব। ইয়াৰ উপৰিও যথেষ্ট নিয়োগ সৃষ্টি কৰাৰ লগতে কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া