
নতুন দিল্লী, ১৮ এপ্ৰিল (হি.স.)। কেন্দ্ৰীয় চৰকাৰে শনিবাৰে চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচ বা ডিয়াৰনেছ এলাৱেন্স (ডি এ) আৰু পেঞ্চনাৰৰ মৰগীয়া ৰেহাই বা ডিয়াৰনেছ ৰিলিফ (ডি আৰ) ২ শতাংশ বৃদ্ধিৰ অনুমোদন জনায়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ কেন্দ্ৰত অনুষ্ঠিত এক সংবাদমেলত এই প্ৰস্তাৱত অনুমোদন জনায়। ৰাষ্ট্ৰীয় মিডিয়া চেণ্টাৰত অনুষ্ঠিত এক সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। তেওঁ উল্লেখ কৰে যে বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ প্ৰভাৱ কম কৰিবলৈ চৰকাৰে ডি এ আৰু ডি আৰৰ অতিৰিক্ত কিস্তি মুকলি কৰাৰ অনুমোদন জনাইছে। ইয়াৰ দ্বাৰা বৰ্তমানৰ ৫৮ শতাংশ মৌলিক দৰমহা আৰু পেঞ্চনৰ হাৰৰ তুলনাত ২ শতাংশ বৃদ্ধি পোৱা গৈছে। এই বৃদ্ধি ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব।
এই সিদ্ধান্তই প্ৰায় ৫০.৪৬ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৬৮.২৭ লাখ পেঞ্চনাৰক প্ৰত্যক্ষভাৱে লাভৱান কৰিব। ডি এ আৰু ডি আৰৰ এই বৃদ্ধিয়ে চৰকাৰী কোষাগাৰত বছৰি ৬৭৯১.২৪ কোটি টকাৰ অতিৰিক্ত বোজা জাপি দিব। এই সিদ্ধান্ত সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগে পৰামৰ্শ দিয়া গ্ৰহণযোগ্য সূত্ৰৰ সৈতে সামঞ্জস্যপূৰ্ণ।
हिन्दुस्थान समाचार / অৰৱিন্দ