
নতুন দিল্লী, ১৮ এপ্ৰিল (হি.স.)। সংসদত সংবিধান সংশোধনী বিধেয়ক গৃহীত কৰিব নোৱাৰাৰ বাবে শনিবাৰে ভাৰতীয় জনতা পাৰ্টিয়ে (বিজেপি) কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলক সমালোচনা কৰে । সীমা নিৰ্ধাৰণক আসন পুনৰ অংকনৰ অবিচ্ছেদ্য অংগ বুলি অভিহিত কৰি দলটোৱে কয় যে বৰ্তমানৰ ৫৪৩খন আসনৰ বাবে মহিলাক সংৰক্ষণৰ ব্যৱস্থা কৰিলে দক্ষিণৰ ৰাজ্যসমূহৰ আসন হ্ৰাস পাব । দলটোৱে কয় যে কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে মহিলাৰ ৰাজনৈতিক আকাংক্ষা দমনৰ বাবে “আনন্দ” উদযাপন কৰিলেও বিজেপিয়ে মহিলাৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।
শনিবাৰে দলটোৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ জ্যেষ্ঠ নেতা ৰবি শংকৰ প্ৰসাদ আৰু স্মৃতি ইৰাণীয়ে এক যৌথ সংবাদমেল সম্বোধন কৰে। কংগ্ৰেছ আৰু নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই দিয়া বক্তব্যৰ প্ৰতি ৰবি শংকৰ প্ৰসাদে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে নাৰীক ব্যৱহাৰৰ বস্তু বুলি বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা ভাষাটো গ্ৰহণযোগ্য নহয় আৰু ইয়াক তীব্ৰ গৰিহণা দিয়া উচিত। তেওঁ কয় যে ভাৰতীয় নাৰী বস্তু নহয়, বৰঞ্চ তেওঁলোকক সন্মান আৰু অধিকাৰ দিয়া উচিত।
মহিলা সংৰক্ষণ আৰু সীমা নিৰ্ধাৰণৰ বিষয়ত কংগ্ৰেছৰ দাবীও নাকচ কৰে প্ৰসাদে। তেওঁ স্পষ্ট কৰি দিয়ে যে সংবিধানৰ ৮১(২) অনুচ্ছেদ অনুসৰি জনসংখ্যাৰ ওপৰত ভিত্তি কৰি লোকসভাৰ আসন আবণ্টন কৰা হয়, আৰু আসনৰ পুনৰ আবণ্টন সীমা নিৰ্ধাৰণ অবিহনে সম্ভৱ নহয়। গৃহমন্ত্ৰী অমিত শ্বাহে ইংগিত দিছে যে লোকসভাৰ আসনৰ সংখ্যা ৫৪৩ৰ পৰা প্ৰায় ৮৫০লৈ বৃদ্ধি কৰি ৩৩ শতাংশ সংৰক্ষণ কাৰ্যকৰীভাৱে কাৰ্যকৰী হ’ব পাৰে।
তেওঁ লোকপিয়ল আৰু সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া প্ৰয়োজনীয় বুলিও উল্লেখ কৰে। কংগ্ৰেছে ৫৪৩খন আসনৰ ভিতৰত সংৰক্ষণ কাৰ্যকৰী কৰাৰ কথা কৈছে, যাৰ ফলত দক্ষিণৰ ৰাজ্যসমূহৰ অংশত প্ৰভাৱ পৰিব পাৰে । প্ৰসাদে অভিযোগ কৰে যে ডি এম কেয়ে মহিলাৰ সাংবিধানিক অধিকাৰত বাধাৰ সৃষ্টি কৰিছে আৰু এই বিভ্ৰান্তিকৰ অপপ্ৰচাৰৰ দ্বাৰা কিছুমান ৰাজ্য প্ৰভাৱিত হোৱাটো দুৰ্ভাগ্যজনক।
ইয়াৰ পূৰ্বে বিজেপি নেত্ৰী স্মৃতি ইৰাণীয়ে কংগ্ৰেছৰ বিৰুদ্ধে মহিলাৰ অধিকাৰ সন্দৰ্ভত গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে এয়া কেৱল ক্ষমতাৰ সংগ্ৰাম নহয়, সমতাৰ অধিকাৰৰ বাবেহে। সংসদত মহিলাৰ ৰাজনৈতিক আকাংক্ষা দমন কংগ্ৰেছ দলে আনন্দ কৰাৰ বিপৰীতে বিজেপিয়ে মহিলাৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি অভিযোগ কৰে।
ইৰাণীয়ে কয় যে কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰসকলে মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ দাবীক গুৰুত্বসহকাৰে লোৱাৰ পৰিৱৰ্তে ইয়াক উপহাস কৰে। কংগ্ৰেছৰ দীৰ্ঘ শাসন কালত ১১ কোটি মহিলা শৌচাগাৰৰ সুবিধাৰ পৰা বঞ্চিত হোৱাৰ লগতে ২৫ কোটি মহিলাক বেংকিং ব্যৱস্থাৰ সৈতে সংযোগ কৰাত ব্যৰ্থ হোৱা বুলিও কয়।
ইৰাণীয়ে কয় যে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে প্ৰথমবাৰৰ বাবে লিংগ বাজেট কাঠামো ৰূপায়ণ কৰি মহিলা সবলীকৰণৰ দিশত সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিছিল। মহিলা সংৰক্ষণৰ সৈতে জড়িত সীমা নিৰ্ধাৰণৰ বিষয়টোত কংগ্ৰেছ দলে দ্বৈত মানদণ্ড গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰে । তেওঁৰ মতে এই মনোভাৱে সাংবিধানিক ব্যৱস্থা আৰু মহিলা উভয়ৰে ওপৰত আস্থাৰ অভাৱ প্ৰতিফলিত কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া