
ডিব্ৰুগড়, ১৮ এপ্ৰিল (হি.স.)। সদৌ অসম মহিলা সাংবাদিক সংস্থাৰ ২৩ তম প্ৰতিষ্ঠা দিৱস আজি দুলিয়াজান ক্লাৱৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৷ পুৱা পতাকা উত্তোলন , বন্তি প্ৰজ্বলনৰ পিছত ২৩ গৰাকী মহিলা চালকে চলোৱা বাহনৰ শোভাযাত্ৰা মুকলি কৰে ড° আকাশীতৰা শইকীয়াই ৷ সংগঠনটোৰ উপ সভাপতি তথা অসমীয়া প্ৰতিদিন কাকতৰ কমাৰগাৱঁৰ সাংবাদিক ৰিনা কটকীৰ সভাপতিত্বত মুকলি সভাখন অনুষ্ঠিত হয় ৷
প্ৰতিষ্ঠা দিৱসত জিলা খনৰ মহিলা সাংবাদিক সকলৰ উপৰিও নিকটবৰ্তী জিলা সমূহৰ পৰাও একাংশ মহিলা সাংবাদিকে অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু