বিধানসভা নিৰ্বাচনৰ মাজতে কলকাতাৰ এজন তৃণমূল প্ৰাৰ্থীকে ধৰি একাধিক স্থানত ইডি আৰু আয়কৰ বিভাগৰ অভিযান
কলকাতা, ১৭ এপ্ৰিল (হি.স.)। পশ্চিম বংগ বিধানসভাৰ নিৰ্বাচনৰ মাজতে ৰাজ্যখনত কেন্দ্ৰীয় সংস্থাসমূহে নিজৰ কাৰ্যকলাপ অব্যাহত ৰাখিছে। প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) এটা ৰিয়েল এষ্টেট কোম্পানী আৰু এটা নিৰ্মাণ প্ৰতিষ্ঠানৰ চৌহদত অভিযান চলাই থকাৰ সময়তে আয়কৰ বি
प्रवर्तन निदेशालय (फाइल फाेटाे)


কলকাতা, ১৭ এপ্ৰিল (হি.স.)। পশ্চিম বংগ বিধানসভাৰ নিৰ্বাচনৰ মাজতে ৰাজ্যখনত কেন্দ্ৰীয় সংস্থাসমূহে নিজৰ কাৰ্যকলাপ অব্যাহত ৰাখিছে। প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) এটা ৰিয়েল এষ্টেট কোম্পানী আৰু এটা নিৰ্মাণ প্ৰতিষ্ঠানৰ চৌহদত অভিযান চলাই থকাৰ সময়তে আয়কৰ বিভাগে তৃণমূল কংগ্ৰেছ প্ৰাৰ্থী দেৱাশীষ কুমাৰৰ বাসগৃহকে ধৰি কেইবাটাও স্থানত অভিযান চলায়। শুকুৰবাৰে পুৱা কেন্দ্ৰীয় বাহিনীৰ সৈতে কেইবাটাও ইডি দল চিজিঅ’ কমপ্লেক্সত উপস্থিত হয়।

শুকুৰবাৰে পুৱাৰে পৰা পৃথক পৃথক ইডি দলে এটা ৰিয়েল এষ্টেট কোম্পানী এটাৰ একাধিক স্থানত অনুসন্ধান আৰম্ভ কৰে। ইডিৰ বিষয়াসকলে ছল্ট লেক আৰু কলকাতাৰ চাৰিটা স্থানত উপস্থিত হয়। কেৱল ৰিয়েল এষ্টেট কোম্পানীতে নহয় আন এটা নিৰ্মাণ কোম্পানীৰ কাৰ্যালয়তো অভিযান চলায়।

সূত্ৰ অনুসৰি এই অনুসন্ধান অভিযান এটা বিত্তীয় জালিয়াতিৰ গোচৰৰ সৈতে জড়িত । মন কৰিবলগীয়া যে কিছুদিন পূৰ্বে এই নিৰ্মাণ কোম্পানীটোৰ সৈতে জড়িত ঘৰ, ফ্লেট, কাৰ্যালয়ত তালাচী চলোৱা হৈছিল। নিৰ্বাচনৰ পূৰ্বে অবৈধ বিত্তীয় লেনদেন ৰোধ কৰাৰ লগতে ভূমি সম্পৰ্কীয় কিছুমান বিষয়ৰ লেনদেনৰ তথ্য উন্মোচন কৰাৰ লক্ষ্যৰে এই অভিযান চলোৱা বুলি দাবী কৰে ইডিয়ে ।

ইফালে ইডিৰ উপৰিও আন এটা কেন্দ্ৰীয় সংস্থা আয়কৰ বিভাগেও কলকাতাত তালাচী চলাই আছে। শুকুৰবাৰে পুৱা ৰাসবিহাৰী সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী দেৱাশীষ কুমাৰৰ ঘৰকে ধৰি কেইবাটাও স্থানত অভিযান চলায় ।

শুকুৰবাৰে পুৱা আয়কৰ বিভাগৰ এটা দলে ৰাসবিহাৰীৰ পৰা বিদায়ী বিধায়ক দেৱাশীষ কুমাৰৰ মনোহৰপুকুৰ পথৰ ঘৰত উপস্থিত হয়। আয়কৰ বিভাগৰ বিষয়াসকলে কেৱল তেওঁৰ ঘৰতে নহয়, মনোহৰপুকুৰ পথৰ নির্বাচনী কার্যালয়তো অভিযান চলায় ৷ তদুপৰি মতিলাল নেহৰু পথত থকা দেবাশীষৰ কাৰ্যালয়তো তালাচী চলোৱা হয়।

ইফালে, নিৰ্বাচনৰ পূৰ্বে দুটা কেন্দ্ৰীয় সংস্থাৰ দ্বৈত অনুসন্ধানক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যৰ শাসকীয় দল তৃণমূল কংগ্ৰেছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande